অসম

assam

ETV Bharat / bharat

আই আই টি হায়দৰাবাদে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে AI-powered কিট - কোভিড-১৯ টেষ্টিং কিট

আই আই টি হায়দৰাবাদে প্ৰস্তুত কৰি উলিওৱা "Artificial Intelligence-powered test kit"টোৰ মূল্য প্ৰায় ৬০০ টকা। যদি এই টেষ্ট কিটটো বেছিকৈ উৎপাদন কৰা হয় তেতিয়া ইয়াৰ পৰীক্ষা মূল্য প্ৰায় ৩৫০ টকা হ'ব।

 AI-powered low-cost, point of care COVID-19 testing kit
IIT Hyderabad researcher develops AI-powered low-cost, point of care COVID-19 testing kit

By

Published : Jun 17, 2020, 3:24 PM IST

নিউজ ডেস্ক, ১৭ জুনঃআই আই টি হায়দৰাবাদৰ গৱেষকসকলে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এটা"Artificial Intelligence-powered test kit"। যিটো টেষ্ট কিট অতি কম মূল্যত ক্ৰয় কৰিব পৰা যাব। কোভিড-১৯ ৰ লক্ষণ থকা অথবা লক্ষণ নথকা যিকোনো ৰোগীয়ে এই টেষ্ট কিটৰ সহায়ত পৰীক্ষা কৰিলে ২০ মিনিটৰ ভিতৰত ফলাফল লাভ কৰিব পাৰিব।

আই আই টি হায়দৰাবাদে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে AI-powered কিট

সম্প্ৰতি এই টেষ্ট কিটটো থিকমতে কাম কৰিছেনে নাই তাৰ নিৰ্ধাৰণৰ বাবে হায়দৰাবাদৰ ইএচআইচি মেডিকেল কলেজ আৰু হাস্পতালত পৰীক্ষা চলাই থকা হৈছে। যদি টেষ্ট কিটটো ভালদৰে কাম কৰে তেন্তে কোভিড-১৯ পৰীক্ষণৰ বাবে উপযোগী হ'ব। "Artificial Intelligence-powered test kit"টোৰ এটা ডাঙৰ সুবিধা হ'ল- ইয়াৰ জড়িয়তে পৰীক্ষা কৰিলে'RT-PCR'(Reverse Transcription Polymerise Chain Reaction)ৰ প্ৰয়োজন নহ'ব।

সম্প্ৰতি এই টেষ্ট কিটটোৰ মূল্য প্ৰায় ৬০০ টকা। যদি এই টেষ্ট কিটটো বেছিকৈ উৎপাদন কৰা হয় তেতিয়া ইয়াৰ পৰীক্ষা মূল্য প্ৰায় ৩৫০ টকা হ'ব।

এই টেষ্টিং কিটটো প্ৰস্তুত কৰি উলিয়াইছে ডঃ সূৰ্য্যাস্নাতা ত্ৰিপাথী,(a postdoctoral fellow),পাট্টা সূপৰাজা (a fourth-year doctoral student), প্ৰতিষ্ঠানখনৰ শিক্ষক, IIT হায়দৰাবাদৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক শিৱ গোবিন্দৰ তত্ত্বাৱধানত এটা দলে।

IIT হায়দৰাবাদৰ অধ্যাপক শিৱ গোবিন্দই প্ৰকাশ কৰা অনুসৰি, এই টেষ্টিং কিটটোৰ উৎপাদন বৃদ্ধিৰ বাবে গৱেষণাৰ দলটো সাজু। কোভিড-১৯ ৰ সংকটৰ সময়ত দেশৰ বাবে IIT হায়দৰাবাদৰ তৰফৰ পৰা এটা সৰু অৱদান বুলি অধ্যাপকগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি এই টেষ্ট কিটটো ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাৰ অনুমোদন বাবে অপেক্ষাৰত বুলি অধ্যাপক শিৱ গোবিন্দই জানিবলৈ দিয়ে।

লগতে চাওকঃ সীমান্তৰ সংঘৰ্ষত শ্বহীদ হোৱা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বি-টাউনবাসীৰ

ABOUT THE AUTHOR

...view details