অসম

assam

By

Published : Feb 5, 2020, 4:33 PM IST

ETV Bharat / bharat

অৰূপজ্যোতি শইকীয়াক পুনৰ সোধপোছ NIAৰ

নাগৰিকত্ব সংশোধনী আইনক লৈ চলা হিংসাত্মক আন্দোলনৰ গোচৰ সন্দৰ্ভত গুৱাহাটীস্থিত NIA কাৰ্যালয়লৈ সোধপোছৰ বাবে যোৱা চাৰি দিনত তিনিবাৰৰ বাবে মাতি পঠিয়াই বুৰঞ্জী বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক ৷

বুৰঞ্জী বিভাগৰ অধ্যাপক
অৰূপজ্যোতি শইকীয়া

নেশ্য'নেল ডেস্ক,5 ফেব্ৰুৱাৰী: মঙলবাৰে আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক নাগৰিকত্ব সংশোধনী আইনক লৈ বিগত বছৰত গুৱাহাটী চহৰত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত যোৱা চাৰিদিনত তিনিবাৰৰ বাবে সোধপোছ কৰে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি( এনআইএ)য়ে ৷

7 ফেব্ৰুৱাৰীত পুনৰ গুৱাহাটীৰ সোনাপুৰস্থিত NIAৰ কাৰ্যালয়লৈ সোধপোছৰ বাবে মাতি পঠায় গুৱাহাটী আইআইটিৰ বুৰঞ্জী বিভাগৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক ৷ অধ্যাপকগৰাকীৰ উকীল সন্তোষ বৰঠাকুৰে এই সন্দৰ্ভত মন্তব্য কৰে যে, মঙলবাৰে প্ৰায় 5 ঘণ্টাত অখিল গগৈৰ গোচৰ সন্দৰ্ভত সাক্ষী হিচাপে অৰূপজ্যোতি শইকীয়াক সোধপোছ কৰা হৈছে আৰু শুকুৰবাৰে পুনৰ সোধপোছৰ বাবে মাতি পঠোৱা হৈছে অধ্যাপকগৰাকীক ৷ ইয়াৰ পূৰ্বে অধ্যাপগৰাকীক শনিবাৰে আৰু সোমবাৰে সোধপোছ কৰা হৈছিল ৷ NIAএ বিগত বৰ্ষত নাগৰিকত্ব সংশোধনী আইনক লৈ চলা হিংসাত্মক আন্দোলনৰ গোচৰত কৃষক নেতা অখিল গগৈৰ লগতে বহু নেতাক গ্ৰেপ্তাৰ কৰিছে ৷

ইয়াৰ পূৰ্বে ডিচেম্বৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিছিল যে, ৰাজ্য চৰকাৰৰ ওচৰত কেন্দ্ৰীয় শিক্ষানুষ্ঠানৰ এজন অধ্যাপকৰ বিৰুদ্ধে 11 আৰু 12 ডিচেম্বৰত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে আন্দোলনত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ প্ৰমাণ আছে ৷ প্ৰাপ্ত তথ্যৰ ভিত্তিত অধ্যাপক গৰাকীয়ে 11 আৰু 12 ডিচেম্বৰত গুৱাহাটীত সংঘটিত হিংসাত্মক আন্দোলনক বিশেষ নিয়ন্ত্ৰণ কোঠাৰ পৰা নিদেৰ্শ দি আছিল ৷

ABOUT THE AUTHOR

...view details