অসম

assam

ETV Bharat / bharat

কোভিড-১৯ ৰ ভেকচিন তৈয়াৰৰ দিশে আইআইটি গুৱাহাটী - সহকাৰী অধ্যাপক তথা গৱেষক শচীন কুমাৰ

এইটো ভেকচিন পুনঃসংযোজক এভিয়ান পেৰামিক্সোভাইৰাছ সম্পৰ্কিক ভেক্টৰ প্লেটফৰ্মত উপলব্ধ হ'ব বুলি কোম্পানীটোৱে উল্লেখ কৰিছে । পুনঃসংযোজক এভিয়ান পেৰামিক্সোভাইৰাছ-১ক SARS-CoV-2ৰ ইমিউনোজেনিক প্ৰ'টিনক সংযোগ কৰি পৰৱৰ্তী অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব ।

আইআইটি গুৱাহাটী
আইআইটি গুৱাহাটী

By

Published : Apr 29, 2020, 4:18 PM IST

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃআহমেদাবাদস্থিত ঔষধ নিৰ্মাণকাৰী সংস্থা হেষ্টাৰ বায়'চায়েন্সে বুধবাৰে কয় যে, কোম্পানীটোৱে কোভিড-১৯ৰ ভেকচিন তৈয়াৰ কৰিবলৈ গুৱাহাটীস্থিত সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সৈতে সহযোগ কৰিছে । দুয়োটা প্ৰতিষ্ঠানৰ মাজত বিগত ১৫ এপ্ৰিলতে এই সন্দৰ্ভত চুক্তি স্বাক্ষৰ হৈছে ।

এইটো ভেকচিন পুনঃসংযোজক এভিয়ান পেৰামিক্সোভাইৰাছ সম্পৰ্কিক ভেক্টৰ প্লেটফৰ্মত উপলব্ধ হ'ব বুলি কোম্পানীটোৱে উল্লেখ কৰিছে । পুনঃসংযোজক এভিয়ান পেৰামিক্সোভাইৰাছ-১ক SARS-CoV-2ৰ ইমিউনোজেনিক প্ৰ'টিনক সংযোগ কৰি পৰৱৰ্তী অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব ।

সংস্থাটোৰ পৰিচালন সঞ্চালক ৰাজীৱ গান্ধীয়ে নতুন দিল্লীত সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে । দুয়োটা প্ৰতিষ্ঠানে প্ৰতিকাৰমুলকভাৱে কোভিড-১৯ৰ ভেকচিন তৈয়াৰত জড়িত হ'ব । হেষ্টাৰে এইক্ষেত্ৰত বীজ অংকুৰণৰ পৰা ভেকচিনটোৰ ব্যৱসায় সকলো দিশ চোৱাচিতা কৰিব বুলি তেওঁ লগতে কয় ।

গুৱাহাটী আইআইটিৰ বায়'চায়েন্স আৰু বায়'ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক তথা গৱেষক দলৰ প্ৰধান শচীন কুমাৰে কয় যে, ইয়াৰ উপযোগিতা আৰু ইমিউনোজেনেচিটী সন্দৰ্ভত এতিয়াই বাখ্যা কৰাটো সমীচিন নহ'ব । কিন্তু প্ৰথমে জন্তুৰ দেহত ইয়াৰ প্ৰয়োগ কৰা হ'ব আৰু তাৰ পিচতে আমি সকলো কথা প্ৰকাশ কৰিব পাৰিম ।

ABOUT THE AUTHOR

...view details