নিউজ ডেস্ক, 5 নৱেম্বৰ : মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰাণালয়ে 3 নৱেম্বৰত এক টুইট যোগে ঘোষনা কৰে যে, মুম্বাইস্থিত সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ গল্প আৰু কুইজৰ যোগেদি আত্ম অনুসন্ধানৰ বাবে BANDHU নামৰ এটি ৱেবচাইট মুকলি কৰিছে ৷
মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী সঞ্জয় ধোত্ৰেয়ে মুম্বাই IITৰ অধ্যাপক সুভাষিস চৌধুৰীৰ উপস্থিতিত 1 নৱেম্বৰত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ BANDHU নামৰ এটা ৱেবচাইট মুকলি কৰে ৷ ছবি নিৰ্মাতা নিতীশ তিৱাৰীয়ে মুখ্য অতিথি হিচাপে শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৷ উল্লেখ্য যে তিৱাৰীয়ো মুম্বাই IITৰ প্ৰাক্তন ছাত্ৰ আছিল ৷
ৱেবচাইটটোত শৈক্ষিক দিশত হোৱা বিভিন্ন সমস্যাৰ লগতে কলেজীয়া জীৱনত পোৱা সমস্যাৰ দিশবোৰ সন্নিৱিষ্ট কৰি ডিজাইন কৰা হৈছে ৷ তাত প্ৰেৰণামুলক লিখনি, বিশেষজ্ঞৰ বাৰ্তা আদি বিভিন্ন শিতান ৰখা হৈছে ৷ মুম্বাই IITৰ কাউঞ্চিলৰ তথা অধ্যাপক টি. কুণ্ডু আৰু সুহাজ জোশীৰ সহযোগত এই বিশেষ ৱেবচাইটো ডিজাইন কৰা হৈছে ৷
বিভাগীয় তথ্য মতে, 1992 চনত BANDHU নামৰ এটি প্ৰজেক্টৰ কাম কৰা হৈছিল, যাৰ পুনৰ্মিলনৰ বাবে 2017 চনৰ ৰূপালী জয়ন্তী বৰ্ষৰ এটা অংশ হিচাপে 1992 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ সকলে পুনৰ কাম কৰিছিল ৷ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে BANDHU নামৰ প্ৰজেক্টটোক ৱেবচাইট হিচাপে তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলোৱে সহায় কৰিব ৷ সেই প্ৰতিশ্ৰুতি মতেই সকলো প্ৰাক্তন ছাত্ৰই ৱেবচাইটটো মুকলি কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ৷
লগতে পঢ়ক:বিশ্বনাথ আৰক্ষীৰ জালত তিনি মণিপুৰী জালনোট ব্যৱসায়ী