অসম

assam

ETV Bharat / bharat

ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা - IFS Sanjeev Chaturvedi increased Modi government's difficulty in black money case

পুনৰ চৰ্চালৈ আহিছে আইএফএছ বিষয়া সঞ্জীৱ চতুৰ্বেদী ৷ শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিষয়াগৰাকীয়ে ক'লা ধন সন্দৰ্ভত তথ্য বিছাৰিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৷ কিন্তু বিষয়াগৰাকীক তথ্য প্ৰদানত চূড়ান্ত ব্যৰ্থ হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ৷ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পিচতে উচ্চতম ন্য়ায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ ৷

ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা
ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

By

Published : Feb 3, 2020, 9:01 PM IST

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰীঃবিশিষ্ট আইএফএছ বিষয়া সঞ্জীৱ চতুৰ্বেদী পুনৰ চৰ্চালৈ আহিছে ৷ এইবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ তথ্য জনাৰ অধিকাৰৰ আবেদন দাখিল কৰি চৰ্চালৈ আহিছে সৰ্বভাৰতীয় সেৱাৰ বিষয়াগৰাকী ৷ হিমাচল প্ৰদেশত কৰ্মৰত বিষয়াগৰাকীয়ে ক'লাধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰিছিল এখন আবেদন ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়াগৰাকীক ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত চূড়ান্তৰূপে ব্যৰ্থ হয় ৷ যাৰ ফলশ্ৰুতিত ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন প্ৰদান কৰে বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সন্ত্ৰাসবাদকে ধৰি বিদেশত থকা ক'লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়াকৈ এগৰাকী আৰটিআই কৰ্মী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়া সঞ্জীৱ চতুৰ্বেদীয়ে দাখিল কৰা আবেদনৰ উত্তৰ প্ৰদানত চূড়ান্তৰূপে ব্যৰ্থ হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ৷ ফলশ্ৰুতিত বিষয়াগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় ৷ ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে ৷

ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

2017 চনতে প্ৰদান কৰা আবেদনখনত, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বিদেশৰ পৰা কিমান পৰিমানৰ ক'লা ধন ঘুৰাই আনিবলৈ সক্ষম হৈছে আৰু চৰকাৰৰ কিমানগৰাকী মন্ত্ৰী ক'লাধনৰ দুৰ্নীতিত লিপ্ত হৈ আছে ৷ ইয়াৰ উপৰিও মন্ত্ৰী পৰিষদৰ কিমানগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে এইসন্দৰ্ভত অভিযোগ দাখিল হৈছে সেয়াও জানিবলৈ বিছৰা হৈছিল ৷ ইয়াৰ পিচতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে গোপনীয়তা ভংগ হোৱাৰ কাৰণ দেখুৱাই তথ্য জনাৰ আবেদনখন খাৰিজ কৰিছিল ৷ ইয়াৰ পিচতে সঞ্জীৱ চতুৰ্বেদীৰ অধিবক্তা প্ৰশান্ত ভুষণে সমগ্ৰ ঘটনাটো উচ্চতম ন্যায়ালয়ৰ আঁওতালৈ আনে ৷ উচ্চতম ন্যায়ালয়ত হোৱা শুনানিৰ অন্তত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক সমগ্ৰ ঘটনাটোৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ৷

ABOUT THE AUTHOR

...view details