অসম

assam

ETV Bharat / bharat

ক'ভিড-১৯ য়ে নতুন পৰিকল্পনাৰ বাবে দিছে এক সুযোগ: ৰাহুল গান্ধী - গ্ৰামীণ বেংক

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'ৰাহুল গান্ধীৰে কথা বাৰ্তা' শীৰ্ষক ভিডিঅ' চিৰিজটোৰ শুকুৰবাৰৰ অতিথি আছিল নবেল বঁটা বিজেতা মহম্মদ ইউনুছ । এই কথোপকথনৰ সময়ত ৰহুল গান্ধীয়ে মহামাৰী ক'ৰণাৰ এই সংকটক নতুন পৰিকল্পনাৰ বাবে অহা এক সুযোগ বুলি বৰ্ণনা কৰিলে ।

If you don't come out of Corona with new imagination, you've missed a huge opportunity: Rahul Gandhi
ক'ভিড-১৯ য়ে নতুন পৰিকল্পনাৰ বাবে দিছে এক সুযোগ: ৰাহুল গান্ধী

By

Published : Jul 31, 2020, 6:37 PM IST

নিউজ ডেস্ক,৩১জুলাই: শুকুৰবাৰে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে 'ৰাহুল গান্ধীৰে কথা বাৰ্তা' শীৰ্ষক ভিডিঅ চিৰিজটোৰ মাধ্যমেৰে নবেল বঁটা বিজেতা মহম্মদ ইউনুছৰে হোৱা কথোপকথনত মহামাৰী ক'ৰণাৰ এই সংকটক নতুন পৰিকল্পনাৰ বাবে এক সুযোগ বুলি বৰ্ণনা কৰিলে ।

'যদিহে কোনো নতুন পৰিকল্পনাৰে ক'ৰণাৰ এই সংকটৰ পৰা আপুনি ওলাই আহিব নোৱাৰে তেনেহ'লে আপুনি এজন ব্যক্তি তথা এখন ৰাষ্ট্ৰৰ বাবে বহু সুযোগ হেৰুৱাব' মহামাৰী ক'ৰণাৰ সংকটৰ পৰা মুক্তিৰ উপায় প্ৰসংগত হোৱা কথোপকথনত এইদৰে উল্লেখ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

তেওঁ লগতে এইবুলিও কলে যে,মহামাৰী ক'ৰণাই আপোনাক বুজাব চেষ্টা কৰিছে যে এতিয়ালৈকে আপুনি যি কৰি আছে সেয়া বহু সমস্যাগ্ৰস্ত । সেয়েহে আপুনি এটা খালি পৃষ্ঠা লৈ নতুন পৰিকল্পনাৰে পুনৰ আগ বাঢ়ক । যিহেতু আপুনি চৰকাৰখনৰ ওপৰত জপিয়াই পৰিব নোৱাৰে,কিন্তু সঠিক চিন্তাৰে যিকোনো প্ৰতিষ্ঠান তথা অন্যান্য বিষয়ক অনুসৰণতো কৰিব পাৰিব ।

ভাৰতৰ পৰৱৰ্তী প্ৰজন্ম আৰু ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ কৰণীয় কেনে হোৱা উচিত,সেই লৈ সোধা এক প্ৰশ্নৰ ওপৰত কংগ্ৰেছ যুৱ নেতাজনে কলে,দেশৰ যুৱ প্ৰজন্মৰ মাজত এক স্পষ্ট ধাৰণা হৈছে যে ইয়াত কিবা এটা ভুল হৈ আছে। দেশখনত ধনী আৰু দুখীয়াৰ মাজত এক ডাঙৰ প্ৰভেদ দেখিবলৈ পোৱা যায় যিটো জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় । সেয়ে অধিক বিৰক্ত হ'ব লগা হয় ।

কিছুমান নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু সেয়ে নতুন এখন ছবি দেখাৰ আশাৰে আমি বিৰোধীৰ ভূমিকাৰে আগ বাঢ়িছো। মহামাৰীৰ এই সময়চোৱাত দেশৰ দৰিদ্ৰ লোকসকলৰ একাউণ্টত চিধাই ধন জমা নকৰাৰ অভিযোগেৰে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰকো কৰিলে সমালোচনা ।

ভিডিঅ' কন্ফাৰেঞ্চিং খনত 'ৰাজনৈতিক বাস্তৱিকতা' সন্দৰ্ভত হোৱা আলোচনাত ৰাহুল গান্ধীয়ে প্ৰফেচৰ ইউনুছক সোধা এটা প্ৰশ্ন আছিল,গ্ৰামীণ বেংকৰ দৰে প্ৰতিষ্ঠান সমূহক যিধৰণে কেন্দ্ৰই আক্ৰমণ কৰিছে এই আক্ৰমণৰ পৰা এই সমূহ প্ৰতিষ্ঠানক কেনেধৰণে উদ্ধাৰ কৰিব পৰা যাব ? উত্তৰত নবেল বঁটা বিজেতা গৰাকীয়ে ক'লে,চৰকাৰৰ দৰেই কিছুমান সংস্থাৰ সম্পদ ধ্বংস কৰাৰ অসাধাৰণ ক্ষমতা থাকে । তাৰোপৰি কাৰ্যব্যৱস্থাৰ পৰা তাক আঁতৰাই ৰাখিব বিচাৰে । কিন্তু যদি আপুনি জনসাধাৰণৰ ভালৰ বাবে কিবা এটা কৰি আছে তেনেহলে আপুনি কিমানেই চেষ্টা নকৰক,এয়া হ'ব এক অস্থায়ী অৰ্থ ব্যৱস্থা আৰু ই পুনৰ ঘূৰি আহিব ।

প্ৰফেচৰ ইউনুছে এই বুলিও উল্লেখ কৰিলে যে,মহামাৰী ক'ৰণাই জনসাধাৰণক সেইবোৰ সমস্যাৰ লগত যুঁজিবলৈ শিকালে যিবোৰ সদায়েই আমাৰ যাত্ৰাপথত আছিল । ক'ৰণাই আমাক সহায় কৰাৰ লগতে চিন্তাৰ এখন খিৰিকী দেখুৱালে,যাৰ দ্বাৰা আমি আগুৱাই গৈ এখন নতুন পৃথিৱী নিৰ্মাণ কৰিব পাৰিম । য'ত নাথাকিব কোনো গোলকীয় উষ্ণতা,নাথাকিব কোনো সম্পদৰ ক্ষমতা,নাথাকিব নিবনুৱা সমস্যা ।

লগতে চাওকঃ অযোধ্যালৈ ৰাওনা হ'ব অসমৰ হিন্দু সুৰক্ষা সেনাৰ প্ৰতিনিধি দল

ABOUT THE AUTHOR

...view details