সুখী হ'বলৈ হ'লে সমস্যাৰ নিয়ন্ত্ৰণ লাগিবঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ - মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
নতুন দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা " বিদ্যালয়ত সুখী শ্ৰেণীৰ পৰিচয়" শীৰ্ষক কাৰ্যসূচীৰ প্ৰথম বাৰ্ষিকীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ উপস্থিত থাকি ভাৰতবৰ্ষৰ যুৱ শক্তিক কেনেকৈ সুখী হৈ থকিব পাৰি সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷
নতুন দিল্লী, 31 জুলাইঃ বুধবাৰে ৰাজধানী চহৰ নতুন দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত " বিদ্যালয়ত সুখী শ্ৰেণীৰ পৰিচয়" শীৰ্ষক কাৰ্যসূচীৰ প্ৰথম বাৰ্ষিকী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ উপস্থিত থাকি ভাৰতবৰ্ষৰ যুৱ শক্তিক সুখী হৈ থকাৰ বাবে কেনেদৰে অনুপ্ৰাণিত কৰিব পাৰি সেই সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ বক্তব্যত তেওঁ কয় যে, সমস্যা সমূহ সময়মতে সমাধান কৰিব নোৱাৰাৰ বাবেই মানুহ সুখী হ'ব নোৱাৰে, সেয়ে যুৱ শক্তিক সুখী আৰু সক্ৰিয় কৰিবলৈ হ'লে তেওঁলোকক সমস্যা সমূহ সময়মতে সমাধান কৰাৰ প্ৰতি আকৰ্ষণ কৰাব লাগিব ৷ উল্লেখযোগ্য যে, নতুন দিল্লীৰ তিলকাতৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ' সুখী মহোৎসৱ' অহা 15 দিনলৈকে পালন কৰা হ'ব ৷