অসম

assam

পুলৱামাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপিত আই ই ডি উদ্ধাৰ

By

Published : Aug 17, 2020, 10:33 AM IST

নিৰাপত্তাৰক্ষীৰ জোৱানে পুলৱামাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপন কৰা এটা আই ই ডি উদ্ধাৰ কৰে ৷ যাৰ ফলত এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰে পুলৱামাবাসী ৷ এখন দলঙৰ তলত বিস্ফোৰক আই ই ডি উদ্ধাৰৰ পাচতে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷

আই ই ডি উদ্ধাৰ
আই ই ডি উদ্ধাৰ

নেশ্যনেল ডেস্ক, 17 আগষ্ট:এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল জম্মু-কাশ্মীৰৰ পুলৱামা জিলা ৷ জিলা খনত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপন কৰা বিস্ফোৰক আই ই ডি উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীৰ জোৱানে ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, পুলৱামা জিলাৰ তুজান গাঁৱৰ কাষত অৱস্থিত এখন দলঙৰ তলত সন্ত্ৰাসবাদীয়ে থৈ যোৱা সেই বিস্ফোৰক আই ই ডিৰ বিষয়ে অৱগত হোৱাৰ পাচতে, নিৰাপত্তাৰক্ষীৰ জোৱানে আই ই ডিটো উদ্ধাৰ কৰে ৷ কাশ্মীৰত চলাচল কৰি থকা সুৰক্ষা বাহিনীৰ বাহনক লক্ষ্য কৰি সন্ত্ৰাসবাদীসকলে পথ-উপপথ সমূহত আই ই ডি সংস্থাপন কৰি আছে বুলিও উল্লেখ কৰে আৰক্ষীয়ে ৷

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷ আনহাতে আৰক্ষীয়ে অনাকাংক্ষিত আতংকৰ পৰা ৰক্ষা কৰিবলৈ সেই অঞ্চলত মানুহৰ গতি-বিধিত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

সন্ত্ৰাসবাদীৰ উদ্দেশ্যক বিফল কৰিবলৈ নিৰাপত্তা বাহিনীৰ জোৱান সকলে স্নিফাৰ ডগ আৰু বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰিছে ৷ উল্লেখ্য যে, বিগত মাহতো নিৰাপত্তা বাহিনীৰ জোৱানে বাড়ামুলা জিলাৰ পাট্টান এলেকাত এটা আই ই ডি উদ্ধাৰ কৰিছিল, যিটো বোমা বিশেষজ্ঞ সকলে নিষ্ক্ৰিয় কৰিছিল ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

ABOUT THE AUTHOR

...view details