ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

ঘৰুৱা আৰু বিদেশত প্ৰস্তুত কৰা COVID-19 টেষ্টিং কিটৰ পৰীক্ষা - চীনে প্ৰদান কৰিলে ক্ৰুটিপূৰ্ণ কিট

ঘৰুৱা আৰু বিদেশত প্ৰস্তুত কৰা COVID-19 টেষ্টিং কিটৰ পৰীক্ষা কৰিলে ICMR য়ে ৷ ইয়াৰ পাচতে কিটসমূহ ব্যৱহাৰ কৰিব পৰা যাব নে নাই সেই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ICMR য়ে ৷

ক্ৰুটিপূৰ্ণ কিট
ঘৰুৱা আৰু বিদেশত প্ৰস্তুত কৰা COVID-19 টেষ্টিং কিটৰ পৰীক্ষা
author img

By

Published : Apr 23, 2020, 12:43 AM IST

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : The Indian Council of Medical Research (ICMR) য়ে চীনৰ পৰা আমদানীকৃত RT-PCR আৰু ৰেপিড টেষ্টিং কিট আৰু থলুৱাভাৱে প্ৰস্তুতকাৰী COVID-19 টেষ্টিং কিটৰ পৰীক্ষণ কৰা বুলি জানিব পৰা গৈছে ৷

ICMR ৰ এজন বিষয়াই বুধবাৰে ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি, এই কিটসমূহ সম্পৰ্কত স্বাস্থ্যখণ্ডত সেৱা আগবঢা়ই অহা দলৰ পৰা তথ্য লাভ কৰাৰ পাচতে ইয়াৰ ব্যৱহাৰ কৰিব পৰা যাব নে নাযায় সেই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য় যে, ক্ৰুটিপূৰ্ণ কিটৰ বাবে COVID-19 পৰীক্ষা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে ৷ যিহেতু ভাৰতে 40 দিনীয়া লকডাউন সমাপ্ত কৰাৰ নিচেই ওচৰ চাপিছে এনে সময়তে ইনফ্লুৱেঞ্জা আৰু অন্য়ান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবেও ৰেপিড টেষ্টিং বাধ্যতামূলক কৰিছিল স্বাস্থ্য় মন্ত্ৰণালয়ে ৷

ইয়াৰোপৰি, ভাৰতে ঘৰুৱাভাৱে তৈয়াৰী টেষ্ট কিটসমূহো পৰীক্ষা কৰা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ভাৰতৰ পূৰ্বে স্পেইন, নেদাৰলেণ্ড আৰু বহু দেশে চীনৰ পৰা আমদানীকৃত টেষ্টিং কিটসমূহত ক্ৰুটি থকা বুলি অভিযোগ কৰিছিল ৷

ABOUT THE AUTHOR

...view details