অসম

assam

ETV Bharat / bharat

কোভিড-১৯ ৰ ভেকচিনৰ সময়সীমাক লৈ ICMR ৰ মাজত বিতৰ্ক - ICMR

ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ ICMR দ্ধাৰা ১৫ আগষ্টৰ আগতে কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে বান্ধি দিয়া সময়সীমাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে তেওঁলোকে জনাই যে, ভেকচিন প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন । ডঃ বলৰাম ভাৰ্গৱৰ দ্ধাৰা প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছিল যে, সকলো ধৰণৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিচত ২০২০ চনৰ ১৫ আগষ্টত ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ কোভিড-১৯ ৰ ভেকচিন মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে ।

icmr-deadline-generates-debate-over-covid-19-vaccine
icmr-deadline-generates-debate-over-covid-19-vaccine

By

Published : Jul 3, 2020, 11:54 PM IST

নিউজ ডেস্ক, ৩ জুলাই :ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ ICMR দ্ধাৰা ১৫ আগষ্টৰ আগতে কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে বান্ধি দিয়া সময়সীমাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে তেওঁলোকে জনাই যে, ভেকচিন প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন । লগতে ICMR ৰ তৰফৰ পৰা জনোৱা অনুসৰি, এক পত্ৰৰ যোগেদি সংস্থাটোক ভেকচিন প্ৰস্তুত কম সময়ৰ ভিতৰত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল ।

ইটিভি ভাৰতক ICMR ৰ বিশিষ্ট বিজ্ঞানী ডঃ লোকেশ শৰ্মাই জনোৱা অনুসৰি, মহা নিৰ্দশকে ICMR ক তীব্ৰ গতিত ভেকচিন প্ৰস্তুত কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু আমাৰ ফালৰ পৰা আমি স্পষ্ট কৰি দিছে যে, ক্লিনিকেল পৰীক্ষণ সংস্থা সমূহক কোনো ধৰণৰ সময়সীমা প্ৰদান কৰাটো উচিত নহয় ।

ডঃ বলৰাম ভাৰ্বৱৰ দ্ধাৰা প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছিল যে, সকলো ধৰণৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিচত ২০২০ চনৰ ১৫ আগষ্টত ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ কোভিড-১৯ ৰ ভেকচিন মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে । লগতে ডঃ ভাৰ্গৱে ক্লিনিকেল পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা ১২ খন চিকিৎসা সংস্থানক এই পৰীক্ষণ ক্ষীপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লগতে ২০২০ চনৰ ৭ জুলাইৰ পূৰ্বে সমাপ্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

ইফালে, ICMR য়ে নিৰ্বাচিত কৰা ১২ খন চিকিৎসালয় সম্পৰ্কতো প্ৰশ্ন তুলি পত্ৰখনত উল্লেখ কৰি কয় যে, ICMR য়ে নিৰ্বাচন কৰা চিকিৎসালয়ৰ ভিতৰত বহু কেইখন চিকিৎসালয় আৰু নাচিং হোম গুণগত মানদণ্ডৰ ফালৰ পৰা কম বুলি উল্লেখ কৰে । যাৰবাবে তেওঁলোকে কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে উপযোগী নহয় বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, ভাৰত বায়টেক যাৰ লগত ICMR আৰু NIV যৌথ প্ৰচেষ্টাত "COVAXIN" নামৰ ভেকচিন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাই আছে । যি পৰীক্ষণ কৰিবলৈ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চি ডি এছ চি অ’ ই অনুমতি প্ৰদান কৰিছে ।

ইতিমধ্যে, ICMR ৰ তৰফৰ পৰা জনোৱা অনুসৰি, তেওঁলোকে প্ৰস্তুত কৰা ভেকচিন জীৱ-জন্তুৰ দেহত পৰীক্ষণ কৰা হৈছে । লগতে ডঃ শৰ্মাই জনোৱা অনুসৰি, ক্লিনিকেল পৰীক্ষণৰ বাবে ভেকচিনক অতি কমেও ৬০ দিনৰ প্ৰয়োজন হয় । সকলো ধৰণৰ পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিচত মানৱ দেহত ভেকচিন প্ৰয়োগ কৰি ৰোগীজনক দীৰ্ঘ সময়ৰ বাবে অনুকৰণ কৰি থাকিব লগা হয় ।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত কোভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে ১৪৫ টাকৈ ভেকচিনৰ বিকাশ কৰি থকা হৈছে । যাৰ ভিতৰত ২০ টা ভেকচিন মানৱ দেহত পৰীক্ষণ কৰা হৈছে । ইয়াৰ ভিতৰতে হায়দৰাবাদস্থিত ভাৰত বায়টেকৰ "COVAXIN" ভেকচিনক মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । এই অনুমোদনৰ পাছতেই কোম্পানীটোৱে মানৱ শৰীৰত পৰ্যায়-১ আৰু পৰ্যায়-২ ত পৰীক্ষণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী-জীয়ৰী কৰ’ণা পজিটিভ

ABOUT THE AUTHOR

...view details