নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱ দিল্লীত সংঘটিত হোৱা হিংসাত্মক কাৰ্যত প্ৰাণ হেৰুওৱা ইণ্টেলিজেন্স ব্যুৰ’ৰ বিষয়া অংকিত শৰ্মাৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল ৷ তেওঁৰ মৃত্যু হত্যাকাণ্ড বুলি মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত স্পষ্ট হৈছে ৷
মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত, অংকিত শৰ্মাৰ শৰীৰত চোকা অস্ত্ৰৰে কৰা আঘাতৰ চিন স্পষ্টৰূপত দেখা পোৱা গৈছে বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷
ইণ্টেলিজেন্স ব্যুৰ’ৰ এগৰাকী বিষয়াই অংকিত শৰ্মাৰ মৃতদেহটো হিংসা প্ৰভাৱিত কৰা চান্দবাগ অঞ্চলত তেওঁৰ বাসগৃহৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ কৰে ৷
আৰক্ষীৰ ভাষ্য অনুসৰি, শৰ্মাই অ’ফিচৰ পৰা ঘৰলৈ উভতাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু তেনে সময়তে কিছু হিংস্ৰ আক্ৰমণকাৰীৰ মুখামুখি হৈ তেওঁ প্ৰাণ হেৰুৱাব লগা হয় ৷ আক্ৰমণকাৰীয়ে তেওঁক মাৰ-পিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আঘাট কৰি হত্যা কৰে আৰু মৃত শৰীৰটো কাষৰ নলাত পেলাই দিয়ে ৷