অসম

assam

ETV Bharat / bharat

ইবোলাৰ প্ৰতিষেধক প্ৰস্তুতকৰ্তা Merck সংস্থাই নিৰ্মাণ কৰিব কোভিড-19ৰ প্ৰতিষেধক ! - ডাঃ স্বাতী গুপ্তা

বৈজ্ঞানিক গৱেষণা সংস্থা IAVI আৰু Merckএ যুটীয়াভাৱে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ ওপৰত গৱেষণা চলাই আছে ৷ যদিহে ই সম্ভৱ হৈ উঠে তেতিয়াহ'লে সমগ্ৰ বিশ্বই ইয়াক ক্ৰয় কৰাৰ বাবে কম মূল্যতে উপলব্ধ হ'ব বুলি প্ৰকাশ কৰিছে দুয়োটা সংস্থাই ৷

বৈজ্ঞানিক গৱেষণা সংস্থা IAVI আৰু Merck
বৈজ্ঞানিক গৱেষণা সংস্থা IAVI আৰু Merck

By

Published : Jun 2, 2020, 7:45 PM IST

নিউজ ডেস্ক, 2 জুনঃএক মুনাফাবিহীন বৈজ্ঞানিক গৱেষণা সংস্থা, IAVI ই আন এক বৈজ্ঞানিক গৱেষণা সংস্থা Merckৰ লগত যুটীয়াভাৱে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ গৱেষণাত জড়িত হৈছে ৷ Merck গৱেষণাগাৰৰ অধ্যক্ষ ডাঃ ৰোগাৰ এম পাৰ্লমুট্টাৰে এই কথা প্ৰকাশ কৰি কয় যে, কোভিড-19 সমগ্ৰ বিশ্বৰ বাবেই এক গম্ভীৰ প্ৰত্যাহ্বান ৷ ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ আমি বিশ্বৰ বিভিন্ন সংস্থাৰ সৈতে একেলগে কাম কৰিব বিচাৰিছো আৰু এইক্ষেত্ৰত আমাৰ সৈতে সহযোগ কৰিব IAVIএ ৷

IAVIৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ ডাঃ মাৰ্ক ফেইনবাৰ্গে কয় যে, আমি বিশ্বাস কৰো যে, rVSV (recombinant vesicular stomatitis virus) প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত প্ৰতিষেধকে কোভিড-19ৰ বিৰুদ্ধে কাম কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ বাবে আমি Merckৰ সৈতে কাম কৰি আছো আৰু শীঘ্ৰেই আমি সফল হ'ম ৷

উল্লেখ্য যে, মহামাৰী ইবোলা ভাইৰাছৰ সময়ত Merck চিকিৎসা গৱেষণা সংস্থাটোৱে rVSV প্ৰযুক্তিৰ সহায়ত Ebola Zaire virus vaccine, ERVEBOৰ প্ৰস্তুত কৰি উলিয়াইছিল ৷ দুয়োটা সংস্থাই কোভিড-19 মহামাৰীৰ উপৰিও HIV, লাছা ফিভাৰ, মাৰবাৰ্গ আৰু ইবোলাৰ ওপৰত দীৰ্ঘদিন ধৰি ডাঃ স্বাতী গুপ্তাৰ নেতৃত্বত গৱেষণা কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিতে এইদৰে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰৰ দিশে আগবাঢ়িছে ৷

ABOUT THE AUTHOR

...view details