নিউজ ডেস্ক, ২৬ জুনঃ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ কৰ্তন কৰাৰ পাছত বিহাৰৰ এগৰাকী IAS বিষয়াই প্ৰথমবাৰৰ বাবে লাভ কৰিলে আৱাসিক প্ৰমাণপত্ৰ (domicile certificate)। IAS বিষয়া নবীন কুমাৰ চৌধুৰীয়ে বৰ্তমান জম্মুৰ গান্ধী নগৰত বসবাস কৰি আছে। তেখেত ৰাজ্য চৰকাৰৰ কৃষি বিভাগত কৰ্মৰত বুলি জানিব পৰা গৈছে। নবীন কুমাৰ চৌধুৰী বহিঃৰাজ্যৰ পৰা যোৱা প্ৰথমজন জম্মু-কাশ্মীৰৰ স্থায়ী নিৱাসী হিচাপে বিবেচিত হৈছে। জম্মু-কাশ্মীৰ চৰকাৰৰ কৃষি বিভাগত কৰ্মৰত নবীন কুমাৰ চৌধুৰীৰ ঘৰ বিহাৰৰ দাৰভংগা জিলাত।
আৱাসিক প্ৰমাণপত্ৰ প্ৰদান কৰা জম্মুৰ বাহু অঞ্চলৰ তহচিলদাৰ (Tehsildar) ৰোহিত শৰ্মাই প্ৰকাশ কৰা অনুসৰি, "শ্ৰী দেৱকান্ত চৌধুৰীৰ পুত্ৰ নবীন কুমাৰ চৌধুৰী সম্প্ৰতি জম্মু গান্ধী নগৰ অঞ্চলৰ বাসিন্দা বুলি প্ৰমাণ কৰা হৈছে। আৱেদনকাৰীয়ে জম্মু কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ বিধি ২০২০ ৰ ৫ নং নিয়ম অনুসৰি এই প্ৰমাণপত্ৰ লাভৰ বাবে যোগ্য। এই নিয়ম অনুসৰি, ১৫ বছৰৰ অধিক সময় জম্মু-কাশ্মীৰত বসবাস কৰা লোকসকলে এই প্ৰমাণ পত্ৰৰ বাবে আৱেদন কৰিব পাৰে।"