অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰত স্থায়ী বসতিৰ প্ৰমাণপত্ৰঃ বিহাৰৰ আই এ এছ বিষয়ালৈ - পুঞ্চ

জম্মুৰ দহখন জিলাত ৩২ হাজাৰখন আবেদনপত্ৰ লাভ কৰাৰ বিপৰীতে কাশ্মীৰত মাত্ৰ ৭২০খন আবেদনহে লাভ কৰা গৈছে । ডোডাত সৰ্বাধিক ৮৫০০ খন বসতিৰ প্ৰমাণপত্ৰ দিয়া হোৱাৰ বিপৰীতে ৰাজৌৰীত ৬২১৪, পুঞ্চত ৬১২৩ আৰু জম্মুত প্ৰায় ২৮২০ খন প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । জম্মুত প্ৰায় ৪১৪ খন প্ৰমাণপত্ৰ প্ৰদানৰ কাম বৰ্তমানে চলি আছে ।

জম্মু কাশ্মীৰৰ বসতিৰ প্ৰমাণপত্ৰঃ বিহাৰৰ আই এ এছ বিষয়ালৈ
জম্মু কাশ্মীৰৰ বসতিৰ প্ৰমাণপত্ৰঃ বিহাৰৰ আই এ এছ বিষয়ালৈ

By

Published : Jun 27, 2020, 7:21 AM IST

শ্ৰীনগৰ, ২৭ জুনঃ বহিঃৰাজ্যৰ লোকে স্থায়ীভাৱে বসবাস কৰাত বাধা আৰোপ কৰা জম্মু কাশ্মীৰৰ স্থায়ী বসতিৰ আইনখন কেন্দ্ৰৰ বিজেপি চৰকাৰে বাতিল কৰাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলটোত কৰ্মৰত এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়াই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিছে । এই প্ৰমাণপত্ৰ লাভ কৰা তেওঁ প্ৰথমগৰাকী বহিঃৰাজ্যৰ চৰকাৰী বিষয়া।

বৰ্তমান জম্মু কাশ্মীৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ প্ৰধান সচিব হিচাপে কৰ্মৰত বিহাৰৰ নবীন কুমাৰ চৌধাৰীয়ে জম্মু কাশ্মীৰৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিছে । ইয়াৰ জৰিয়তে তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলটোত সম্পত্তি আৰু ভূমিৰ অধিকাৰৰ লগতে আন আন সুবিধাসমূহ লাভ কৰিব ।

সংবিধানৰ ৩৫(ক) অনুচ্ছেদ অনুসৰি বাহিৰৰ লোকে জম্মু কাশ্মীৰত স্থায়ীভাৱে বসবাস কৰিব নোৱাৰে বা সম্পত্তিৰ অধিকাৰী হ’ব নোৱাৰে । কিন্তু বিগত বৰ্ষৰ ৫ আগষ্টত ৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত এই সাংবিধানিক ব্যৱস্থাৰ অন্ত পৰে । ইয়াৰ ফলত নতুনকৈ প্ৰৱৰ্তিত স্থায়ী বাসিন্দাৰ নিয়মৰ জৰিয়তে কেতবোৰ যোগ্যতা থকা বহিঃৰাজ্যৰ লোক এজনেও সম্পত্তি আৰু স্থায়ীভাৱে বসবাস কৰাৰ অধিকাৰ লাভ কৰে ।

চৌধাৰীক প্ৰদান কৰা নতুন প্ৰমাণপত্ৰখনৰ মতে তেওঁ ইয়াৰ বাবে জম্মু জিলাৰ গান্ধীনগৰ তেহচিলত আবেদন জনাইছিল । কেন্দ্ৰীয় শাসিত অঞ্চলটোত স্থায়ী বাসিন্দাৰ বাবে অনুমতি লাভ কৰা প্ৰায় ২৫ হাজাৰ লোকৰ ভিতৰত এইগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াগৰাকীও অন্যতম ।

বহুৰ তেহচিলদাৰ ৰোহিত শৰ্মাই প্ৰদান কৰা প্ৰমাণপত্ৰখনত উল্লেখ কৰা হৈছে,"ইয়াৰ দ্বাৰা স্পষ্টকৈ জনোৱা হ’ল যে বৰ্তমান জম্মুৰ গান্ধীনগৰত বসবাস কৰা শ্ৰী দেৱকান্ত চৌধাৰীৰ পুত্ৰ শ্ৰী নবীন কুমাৰ চৌধাৰী জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ এগৰাকী স্থায়ী বাসিন্দা।”

নবীন কুমাৰ চৌধাৰীক প্ৰদান কৰা প্ৰমাণ পত্ৰখন

চৌধাৰীৰ ফটো আৰু আধাৰ কাৰ্ড সংযোজিত প্ৰমাণপত্ৰখনত আৰু উল্লেখ কৰা হৈছে,"জম্মু এণ্ড কাশ্মীৰ গ্ৰাণ্ট ডমিচিল চাৰ্টিফিকেট (প্ৰডাকচন) ৰুলচ, ২০২০ৰ ৫নং নিয়ম অনুসৰি আবেদনকাৰী ইয়াৰ বাবে যোগ্য ।”

১৮ মে’ত গৃহীত এই নতুন নিয়মাৱলী অনুসৰি জম্মু আৰু কাশ্মীৰত পোন্ধৰ বছৰতকৈ অধিক কাল বসবাস কৰা সকলোৱে এই বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে ।

কাশ্মীৰৰ বাৰামুলাৰ এগৰাকী যুৱতী এই নতুন নিয়মৰ অধীনত বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমগৰাকী আবেদনকাৰী হিচাপে পৰিগণিত হৈছে ।

চৰকাৰে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰি এই প্ৰমাণপত্ৰ লাভৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে । আবেদনকাৰীয়ে অনলাইন পৰ্টেলত তেওঁৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব লগাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ স্থায়ী বাসিন্দাসকলে পি আৰ চি আপলোড কৰিব লাগে ।

তথ্য অনুসৰি চৰকাৰে জম্মু কাশ্মীৰত বসতিৰ প্ৰমাণপত্ৰৰ বাবে ৩৩,১৫৭ খন আবেদন লাভ কৰিছে । ইয়াৰে ২৫ হাজাৰ লোকক এই প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । এইসকলৰ ভিতৰত স্থায়ী আৰু বহিঃৰাজ্যৰ লোক আছে ।

জম্মুৰ দহখন জিলাত ৩২ হাজাৰখন আবেদনপত্ৰ লাভ কৰাৰ বিপৰীতে কাশ্মীৰত মাত্ৰ ৭২০খন আবেদনহে লাভ কৰা গৈছে । ডোডাত সৰ্বাধিক ৮৫০০ খন বসতিৰ প্ৰমাণপত্ৰ দিয়া হোৱাৰ বিপৰীতে ৰাজৌৰীত ৬২১৪, পুঞ্চত ৬১২৩ আৰু জম্মুত প্ৰায় ২৮২০ খন প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । জম্মুত প্ৰায় ৪১৪ খন প্ৰমাণপত্ৰ প্ৰদানৰ কাম বৰ্তমানে চলি আছে ।

জম্মু কাশ্মীৰত বহি ৰাজ্যৰ লোকক স্থায়ী বসতিৰ প্ৰথমখন প্ৰমাণপত্ৰ

কাশ্মীৰৰ পুলৱামাত সৰ্বাধিক ১৫৩ খন, আনন্তনাগত ১০৬,কুলগামত ৯০,বাৰামুলাত ৩৯,ছোপিয়ানত ২০,বেণ্ডিপোৰাত ১০,কুপৱাৰাত ১০,বুডগামত ৯, গাণ্ডেৰবালত এখন প্ৰমাণপত্ৰ দিয়া হোৱাৰ বিপৰীতে শ্ৰীনগৰত এখনো ইছ্যু কৰা নাই । শ্ৰীনগৰ জিলাত মাত্ৰ ৬৫ খন আবেদন পত্ৰ লাভ কৰা গৈছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ কাকোৱে বসতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হোৱা নাই ।

কাশ্মীৰৰ অধিকাংশ লোকৰ মতে নতুন বসতিৰ নিয়মাৱলীৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ জন বিন্যাসৰ পৰিৱৰ্তন ঘটাব বিচৰা হৈছে । ইয়াৰ বিপৰীতে সংবিধানৰ পৰা বৈষম্যমূলক ব্যৱস্থা আঁতৰাবৰ বাবে এই পৰিৱৰ্তন সাধন কৰা হৈছে বুলি চৰকাৰে দাবী কৰে।

লগতে চাওকঃ গহপুৰত বানে খহালে গড়কাপ্তানী পথৰ এছোৱা

ABOUT THE AUTHOR

...view details