নিউজ ডেস্ক, 15 আগষ্টঃ অভিনন্দনক আকাশমাৰ্গত পথ দেখুওৱা মিন্টী আগৰৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নিজৰ অভিজ্ঞতা ৷ পুলৱামা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ভাৰতীয় বায়ুসেনাই সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ সময়তে সংবাদ মাধ্যমত হিৰো হৈ পৰিছিল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ৷ ভাৰতীয় বায়ুসেনাই 26 আৰু 27 ফেব্ৰুৱাৰীত বালাকোটত সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ সময়ত সমগ্ৰ এয়াৰ ট্ৰেফিক মুভমেন্ট নিয়ন্ত্ৰণ কৰিছিল ভাৰতীয় বায়ুসেনাৰ এয়াৰ ট্ৰেফিক কন্ট্ৰ'লাৰ, স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱালে ৷ মিন্টী আগৰৱালৰ সাহসিকতাৰ বাবেই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে যুদ্ধ সেৱা মেডেল ৷
অভিনন্দনক আকাশমাৰ্গত পথ দেখুওৱা মিন্টী আগৰৱালে ক'লে নিজৰ অভিজ্ঞতা - মিন্টী আগৰৱালৰ সাহসিকতাৰ বাবেই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে যুদ্ধ সেৱা মেডেল
অভিনন্দনক আকাশমাৰ্গত পথ দেখুওৱা মিন্টী আগৰৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে নিজৰ অভিজ্ঞতা ৷ পুলৱামা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ভাৰতীয় বায়ুসেনাই 26 আৰু 27 ফেব্ৰুৱাৰীত বালাকোটত সংঘটিত কৰিছিল এয়াৰ ষ্ট্ৰাইক ৷ এয়াৰ ষ্ট্ৰাইকৰ সময়তে সংবাদ মাধ্যমত হিৰো হৈ পৰিছিল উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ৷ কিন্তু অভিনন্দন বৰ্থমানক বোমাবৰ্ষণ তথা বিমান চালনাত সামগ্ৰিকৰূপে সহায় কৰিছিল বায়ুসেনাৰ স্কোৱাড্ৰণ লিডাৰ মিন্টী আগৰৱালে ৷ শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ফ্লাইট কন্ট্ৰ'লাৰ স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱাললৈ যুদ্ধ সেৱা মেডেল পুৰস্কাৰ ঘোষণা কৰিছে ৷
ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা যুদ্ধ সেৱা মেডেল লাভ কৰাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় বায়ুসেনাৰ বিষয়া, স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱালে ৷ ভাৰতীয় বায়ুসেনাই বালাকোটত সংঘটিত কৰা সমগ্ৰ অভিযানটোৰ দুঃসাহসিক মূহুৰ্তৰ বৰ্ণনা দিয়ে স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱালে ৷ উল্লেখ্য যে, পুলৱামা আক্ৰমণৰ পিচতে চলিত বৰ্ষৰ 26 আৰু 27 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই বালাকোটত সংঘটিত কৰিছিল এয়াৰ ষ্ট্ৰাইক ৷ এয়াৰ ষ্ট্ৰাইকৰ সময়তে আমেৰিকাত নিৰ্মিত পাকিস্তানী বায়ুসেনাৰ এখন F-16 বিমান ভূপতিত কৰিছিল ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে ৷ অভিনন্দন বৰ্থমানৰ লগতে সমগ্ৰ অভিযানটোত অংশগ্ৰহণ কৰিছিল উইং কামাণ্ডাৰ অমিত ৰঞ্জন, স্কোৱাড্ৰন লিডাৰ ৰাহুল বাছোয়া, স্কোৱাড্ৰন লিডাৰ পঙ্কজ ভূজাড়ে, স্কোৱাড্ৰন লিডাৰ বিকেএন ৰেড্ডী আৰু স্কোৱাড্ৰন লিডাৰ শশাংক সিঙে ৷ অভিনন্দনলৈ বীৰ চক্ৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে বাকীকেইগৰাকী বায়ুসেনা বিষয়া তথা পাইলটক বায়ু সেনা মেডেল (বীৰত্ব) পুৰস্কাৰ আগবঢ়োৱা হয় ৷