অসম

assam

ETV Bharat / bharat

উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ বীৰ চক্ৰ পুৰস্কাৰ - ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ বীৰতা পুৰস্কাৰ বীৰ চক্ৰ

উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ আগবঢ়োৱা হৈছে বীৰ চক্ৰ পুৰস্কাৰ ৷ ভাৰতীয় বায়ুসেনাৰ বীৰ যুঁজাৰু পাইলট উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক পাকিস্তানী বায়ুসেনাৰ বিৰুদ্ধে দেখুওৱা অসাধাৰণ বীৰত্বৰ বাবেই  আগবঢ়োৱা হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ সামৰিক বীৰতা পুৰস্কাৰ ৷ দেশৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক তথা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অনুমোদন জনোৱাৰ পিচতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে বীৰতা পুৰস্কাৰৰ তালিকা ৷

উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ বীৰ চক্ৰ পুৰস্কাৰ

By

Published : Aug 14, 2019, 8:38 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃ ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানলৈ আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ সামৰিক বীৰতা পুৰস্কাৰ বীৰ চক্ৰ ৷ পাকিস্তানী বায়ুসেনাৰ বিৰুদ্ধে দেখুওৱা অসাধাৰণ বীৰত্বৰ বাবেই ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ যুঁজাৰু বৈমানিকগৰাকীলৈ আগবঢ়োৱা হৈছে এই বিশেষ বঁটা ৷ ভাৰতবৰ্ষৰ 73সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে বীৰতা পুৰস্কাৰৰ তালিকা ৷ ৰাষ্ট্ৰপতি তথা দেশৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক ৰামনাথ কোৱিন্দৰ অনুমোদনৰ পিচতেই প্ৰকাশ কৰা হয় তালিকাখন ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তালিকাখনত ফ্লাইট কন্ট্ৰ'লাৰ স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱাললৈ যুদ্ধ সেৱা মেডেল, অভিনন্দন বৰ্থমানৰ সহযোগী পাইলট উইং কামাণ্ডাৰ অমিত ৰঞ্জন, স্কোৱাড্ৰন লিডাৰ ৰাহুল বাছোয়া, স্কোৱাড্ৰন লিডাৰ পঙ্কজ ভূজাড়ে, স্কোৱাড্ৰন লিডাৰ বিকেএন ৰেড্ডী আৰু স্কোৱাড্ৰন লিডাৰ শশাংক সিঙলৈ আগবঢ়োৱা হৈছে বায়ু সেনা মেডেল (বীৰত্ব) পুৰস্কাৰ ৷ ভাৰতীয় বায়ুসেনাই পাঁচটা যুদ্ধ সেৱা মেডেল, সাতটা বায়ুসেনা মেডেলসহ সৰ্বমুঠ 13টা বীৰত্ব পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় স্থলসেনাৰ চেপাৰ তথা ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱান প্ৰকাশ যাদৱলৈ মৰনোত্তৰভাৱে আগবঢ়োৱা হৈছে কীৰ্তি চক্ৰ ৷ কীৰ্তি চক্ৰ হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ শান্তিকাল বীৰত্ব পুৰস্কাৰ ৷ ভাৰতীয় স্থলসেনাই আঠটা শৌৰ্য্য চক্ৰৰ লগতে 98টা সেনা মেডেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ভাৰতীয় নৌ-সেনালৈ আগবঢ়োৱা হৈছে এটা শৌৰ্য্য চক্ৰ ৷

ABOUT THE AUTHOR

...view details