অসম

assam

ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাৰ উদ্যোগত পৰিবহন ৪৫০ টন মেডিকেল সামগ্ৰী - মেডিকেল সৰঞ্জাম

দেশত লক ডাউন আৰম্ভ হোৱাৰে পৰা ভাৰতীয় বায়ুসেনাই আজিলৈকে প্ৰায় ৪৫০ টন মেডিকেল সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবহন কৰিছে ।

ভাৰতীয় বায়ুসেনাৰ উদ্যোগত পৰিবহন ৪৫০ টন মেডিকেল সামগ্ৰী
ভাৰতীয় বায়ুসেনাৰ উদ্যোগত পৰিবহন ৪৫০ টন মেডিকেল সামগ্ৰী

By

Published : Apr 21, 2020, 10:42 AM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ভাৰতীয় বায়ুসেনাই দেশত লক ডাউন ঘোষণা কৰাৰ দিনৰে পৰাই আজিলৈকে প্ৰায় ৪৫০ টন স্বাস্থ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰিছে । দেশৰ বিভিন্ন প্ৰান্তলৈ বায়ুসেনাই এইসমূহ সামগ্ৰী সৰবৰাহ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,বায়ুসেনাৰ বিমান আৰু হেলিকপ্টাৰসমূহক প্ৰয়োজনীয় সাহাৰ্য আন্তগাঁথনি গঢ়ি তুলিবলৈ দিন-ৰাতি কাম কৰিছে । সামগ্ৰী মজুত কৰি ৰখা স্থানৰ পৰা প্ৰয়োজনীয় স্থানলৈ সৰবৰাহ কৰি মহামাৰীৰ সময়ত ৰাইজক সহায় কৰিছে ভাৰতীয় বায়ুসেনাই ।

বায়ুসেনাই সৰবৰাহ কৰা সামগ্ৰীৰ ভিতৰত ব্যক্তিগত সুৰক্ষা সৰঞ্জাম,পৰীক্ষণ সামগ্ৰী,ছেনিটাইজ কৰা সৰঞ্জাম আৰু অন্যান্য স্বাস্থ্য় সেৱাৰ সৈতে জড়িত সামগ্ৰী আছে ।

দেশৰ ১৭,৬০০ লোকক সংক্ৰমিত কৰা আৰু ৫৫০ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া কৰ'ণা ভাইৰাছৰ ফলত বিগত ২৫ মাৰ্চৰ পৰাই দেশত লক ডাউন অব্যাহত আছে ।

২৫ মাৰ্চৰ পৰাই ভাৰতীয় বায়ুসেনাই দেশৰ ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সহায় আগবঢ়াইছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি,লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ব্যক্তিৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰি তাক পৰীক্ষাগাৰলৈ সৰবৰাহ কৰিছিল ভাৰতীয় বায়ুসেনাই । ইয়াৰ উপৰিও ভাৰতীয় বায়ুসেনাই ডিআৰডিঅ' আইচিএএমআৰ আদিৰ দৰে সংস্থাক সহায়কাৰী সৰঞ্জাম সৰবৰাহ কৰি আহিছে ।

লগতে পঢ়কঃৰে'লযোগে জম্মুত উপস্থিত প্ৰায় ৭০০ সৈনিক

ABOUT THE AUTHOR

...view details