অসম

assam

ETV Bharat / bharat

হীৰক জয়ন্তী উদযাপনৰ বাবে সাজু তেজপুৰ বায়ুসেনা চাউনী

ভাৰতৰ আকাশী সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় বায়ুসেনাৰ অৱদান উল্লেখনীয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অতিকে শক্তিশালী হিচাপে পৰিগনিত তেজপুৰ বায়ুসেনা ছাউনীয়ে প্ৰৱেশ কৰিলে হীৰক জয়ন্তী বৰ্ষত ৷

হীৰক জয়ন্তী উদযাপনৰ বাবে সাজু তেজপুৰ বায়ুসেনা চাউনী

By

Published : Sep 22, 2019, 11:35 PM IST

তেজপুৰ, 22 চেপ্তেম্বৰঃ ভাৰতীয় বায়ু সেনাৰ তেজপুৰস্থিত বায়ুসেনা চাউনীয়ে হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে ৷ বায়ুসেনা চাউনীটোৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ ৷ এই কাৰ্যসূচীত বায়ুসেনাৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে জিলা প্ৰশাসন আৰু স্থলসেনাৰ জোৱান তথা বিষয়াসকলো উপস্থিত থাকে ৷

বায়ুসেনা বেণ্ডে পৰিৱেশন কৰিলে ৰিদীপ দত্তৰ সংগীত

দেওবাৰে তেজপুৰৰ নেহৰু মৈদানত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী ৷ ভাৰতীয় বায়ুসেনাৰ তেজপুৰ বায়ুসেনা চাউনীত স্থাপনা কৰা হৈছিল 1959 চনৰ 29 চেপ্তেম্বৰত ৷ সেই উপলক্ষে চলিত বৰ্ষত চাউনীটোৱে হীৰক জয়ন্তী বৰ্ষত প্ৰৱেশ কৰে ৷ বাহিনীটোৱে হীৰক জয়ন্তী অনুষ্ঠান মাহযোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷

তেজপুৰ বায়ুসেনা চাউনীৰ বিশেষ প্ৰস্তুতি

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বায়ুসেনাই বিভিন্ন সামৰিক কাৰ্যসূচীৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে ৷ আনহাতে অনুষ্ঠানৰ মাজতে চাউনীৰ মুখ্য বিষয়া এয়াৰ ক'ম'দৰ তেজপাল সিঙে ভাৰতীয় বায়ু সেনা সদায় সষ্টম বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details