নিউজ ডেস্ক, 27 জুনঃ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা ভাৰতীয় বায়ু সেনাৰ এটি চাউনী ৷ বৃহস্পতিবাৰে উৰণৰ সময়তে ইঞ্জিনত দেখা দিয়া এক বিসংগতিৰ বাবে বন্ধ কৰি দিবলগীয়া হয় ইন্ধন টেংক ৷ ভাৰতীয় বায়ুসেনাৰ অন্যতম ছাউনী আম্বালা বায়ুসেনা ছাউনীত সংঘটিত হয় এই ঘটনা ৷
পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ বিমান - জেগুৱাৰ
বেয়া দিন চলিছে ভাৰতীয় বায়ুসেনাৰ ৷ বৃহস্পতিবাৰে পুনৰ এক দুৰ্ঘটনাৰ সন্মুখীন হয় বায়ুসেনাৰ এখন জেগুৱাৰ বিমান ৷ হাৰিয়ানাৰ আম্বালা এয়াৰ বেছত সংঘটিত হয় এই ঘটনা ৷
পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ বিমান
বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত হাৰিয়ানাৰ আম্বালা বায়ুসেনা ছাউনীৰ পৰা উৰা মৰা এখন জেগুৱাৰ বিমানৰ সৈতে সংঘটিত হয় এই ঘটনা ৷ এক "মিড-এয়াৰ-ৰিফুৱেলিং অনুশীলনৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ হঠাতে বিমানখনৰ ইঞ্জিন বিকল হৈ পৰাৰ ফলত বলপূৰ্বকভাৱে বন্ধ কৰি দিব লগা হয় ইন্ধন টেংক ৷ পৰৱৰ্তী সময়ত বিমানখন আম্বালা বায়ুসেনা ছাউনীতে সুৰক্ষিতৰূপে অৱতৰণ কৰিবলৈ সক্ষম হয় অভিজ্ঞ বৈমানিকজনে ৷