অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ বায়ু সেনাৰ

মধ্য প্ৰদেশৰ বানাক্ৰান্তক বায়ু সেনাৰ তৰফৰ পৰা উদ্ধাৰ অভিযান চলোৱা হয় ৷ শেহতীয়া তথ্য অনুসৰি, মধ্য প্ৰদেশৰ 9 খন জিলাৰ 394 তকৈ অধিক গাঁও বানপানীৰ কবলত পৰিছে ৷ প্ৰায় 8,000 হাজাৰ লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে ৷

IAF evacuates people cut off by flooding in Madhya Pradesh
মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ অভিযান বায়ু সেনাৰ

By

Published : Aug 30, 2020, 6:30 PM IST

নিউজ ডেস্ক, 30 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মধ্য প্ৰদেশত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ৷ ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল বানপানীত প্লাবিত হৈ ইতিমধ্যে জলমগ্ন হৈ পৰিছে ৷

দেওবাৰে ৰাজ্যখনত বানপানীত আবদ্ধ হৈ পৰা লোকক ভাৰতীয় বায়ু সেনাৰ দ্বাৰা উদ্ধাৰ অভিযান চলোৱা হয় ৷ ৰাজ্যখনৰ চোমালবাডা গাঁৱত প্ৰায় 25 গৰাকী শিশু-মহিলাক বায়ু সেনাৰ তৰফৰ পৰা উদ্ধাৰ অভিযান চলোৱা হয় ৷

মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ অভিযান বায়ু সেনাৰ

উক্ত অভিযানত জিলাখনৰ বিদিশা লোকসভা সমষ্টিৰ সাংসদ ৰমাকান্ত ভাৰ্গৱ আৰু আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত গৰাকী উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিবাচক সহাৰি প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও, বানৰ কবলত পৰা লোক সকলক উদ্ধাৰ অভিযান চলাই থকা বুলি জানিব পৰা গৈছে ৷ আনহাতে, নৰেলা গাঁৱত পানীৰ কবলত পৰা 5 গৰাকী লোককো উদ্ধাৰ কৰা হয় বুলি প্ৰশাসনৰ লোকে জানিবলৈ দিয়ে ৷ একেদৰে, বালাঘাট জিলাৰ এখন গাঁৱৰ 3 গৰাকী লোকক বায়ু সেনাৰ তৰফৰ পৰা উদ্ধাৰ কৰা হৈছে ৷

মধ্য প্ৰদেশৰ বানাক্ৰান্তক উদ্ধাৰ অভিযান বায়ু সেনাৰ

উল্লেখ্য যে, মধ্য প্ৰদেশৰ 9 খন জিলাৰ 394 তকৈ অধিক গাঁও বানৰ কবলত পৰিছে ৷ শেহতীয়া তথ্য অনুসৰি, 8,000 হাজাৰ লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে, ছিন্দবাডা অঞ্চলৰ পৰাও 5 গৰাকী লোকক সেনাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : কাঠফুলাৰ খেতিৰে স্বাৱলম্বী নাৰায়নপুৰৰ পৰাশ জ্যোতি গগৈ

ABOUT THE AUTHOR

...view details