অসম

assam

ETV Bharat / bharat

বায়ুসেনাই নিহতৰ সংখ্যা গণনা নকৰেঃ এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱা - বায়ু সেনা প্ৰধান বি এছ ধানোৱা

আমাৰ দায়িত্ব হৈছে লক্ষ্যত আঘাত কৰা, আৰু আমি তাক ভালদৰে সম্পন্ন কৰিছোঃ এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱা ৷

By

Published : Mar 4, 2019, 5:39 PM IST

Updated : Mar 5, 2019, 12:42 AM IST

নিউজ ডেস্ক, 4 মাৰ্চঃ পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাচত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে বায়ু সেনা প্ৰধান বি এছ ধানোৱাই ৷ সোমবাৰে কইম্বেটোৰত এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বায়ু সেনা প্ৰধানগৰাকীয়ে ৷

বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক সন্দৰ্ভত নিহতৰ সংখ্যা প্ৰকাশ কৰিবলৈ অগ্ৰাহ্য প্ৰকাশ কৰি সেয়া চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে বায়ু সেনা প্ৰধান বি এছ ধানোৱাই ৷ বায়ু সেনাই কেতিয়াও নিহতৰ সংখ্যা প্ৰকাশ নকৰে, তাৰ পৰিৱৰ্তে লক্ষ্যত আঘাট কৰাটোৱে বায়ুসেনাৰ প্ৰথম আৰু প্ৰয়োজনীয় কাম বুলি কয় বায়ু সেনাধ্যক্ষগৰাকীয়ে ৷ বায়ু সেনাই এতিয়ানিহতৰ সংখ্যা প্ৰকাশ কৰিব পৰা স্থানত নাই, সেয়া কেৱল চৰকাৰৰ দায়িত্ব, চৰকাৰে আমাক দায়িত্ব প্ৰদান কৰিছিল আক্ৰমণ সংঘটিত কৰিবলৈ, আমাৰ দায়িত্ব আছিল চৰকাৰে প্ৰদান কৰা লক্ষ্য চিনাক্ত কৰা আৰু তাত আঘাট কৰা ৷ লক্ষ্যস্থানত থকা সন্ত্ৰাসবাদীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে নিহতৰ সংখ্যা নিৰ্ধাৰণ কৰিব পৰা যাব আৰু আমি কিমান সন্ত্ৰাসবাদী নিহত হৈছে তাৰ সংখ্যা গণনা নকৰো, আমাৰ কাম হৈছে মাথো লক্ষ্যস্থানত আঘাট কৰা ৷

আনহাতে পাকিস্তানী সেনাৰ হাতত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বৈমানিক উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান সন্দৰ্ভটো নিজৰ মন্তব্য প্ৰকাশ কৰে বায়ু সেনা প্ৰধানগৰাকীয়ে ৷ তেঁও কয় যে, আমি পাইলটসকলৰ মেডিকেল ফিটনেছৰ সৈতে কেতিয়াও কোনোধৰণৰ বিয়োগাত্মক দিশ গণ্য নকৰো ৷ যদিহে উইং কামাণ্ডাৰগৰাকী মেডিকেল ফিটনেছ টেষ্টত সফল হয় তেতিয়াহ'লে পুনৰাই বিমান চলাবলৈ সুবিধা লাভ কৰিব ৷

আমেৰিকা আৰু পাকিস্তানৰ মাজত F16 যুদ্ধবিমান সন্দৰ্ভত সম্পাদিত চুক্তিৰ ওপৰতো নিজৰ মত প্ৰকাশ কৰে বায়ু সেনাপ্ৰধানগৰাকীয়ে ৷ শেহতীয়াকৈ ভাৰতৰ ওপৰত সংঘটিত কৰা আক্ৰমণত পাকিস্তানে ব্যৱহাৰ কৰিছিল F16 যুদ্ধবিমান ৷ এই সন্দৰ্ভত যদিহে আমেৰিকা আৰু পাকিস্তানৰ মাজত end-user agreement সম্পাদিত হৈছে, তেতিয়াহ'লে পাকিস্তানে নিশ্ছয়কৈ ইয়াৰ ফল লাভ কৰিব ৷ যিহেতু আমি AMRAAM ক্ষেপনাস্ত্ৰৰ টুকুৰা লাভ কৰিবলৈ সক্ষম হৈছো আৰু ইয়াক পাকিস্তানে ব্যৱহাৰ কৰি আহিছে, সেইফালৰ পৰা পাকিস্তানে এখন F16 যুদ্ধবিমান হেৰুৱাটো নিশ্চিত আৰু এইক্ষেত্ৰত আমি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম ৷ ভাৰতে বালাকোটত সংঘটিত কৰা আক্ৰমণৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰত্যাক্ৰমন কোনো জৰুৰী নাছিল যদিও পাকিস্তানে ইয়াৰ প্ৰত্যাক্ৰমন সংঘটিত কৰিলে আৰু ভাৰতীয় বায়ু সেনাই ইয়াৰ সমূচিত উত্তৰ প্ৰদান কৰিবলৈ সক্ষম হয় ৷

এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱা

ৰাফেল চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্যৰ ওপৰত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে বায়ুসেনাপ্ৰধানগৰাকী ৷ ৰাফেল সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি অহা ছেপ্তেম্বৰ মাহৰ ভিতৰতে ভাৰতীয় বায়ু সেনাই ৰাফেল যুদ্ধ বিমান লাভ কৰিব বুলি মত প্ৰকাশ কৰে বায়ু সেনা প্ৰধানগৰাকীয়ে ৷ তেঁও লগতে কয় যে, বায়ু সেনাৰ হাতত মজুত থকা সকলো বিমান সম্পূৰ্ণৰূপে সাজু আৰু কোনটো অভিযানত কি বিমান ব্যৱহাৰ কৰা হ'ব সেয়া আগতীয়াকৈ ক'ব পৰা নাযায় ৷ অভিযানৰ ওপৰত ভিত্তি কৰিহে আমি কোনখন বিমান ব্যৱহাৰ কৰা হ'ব তাক নিৰ্ধাৰণ কৰো ৷ আনহাতে সীমান্তত এতিয়াও বায়ু সেনাৰ অভিযান অব্যাহত আছে আৰু এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকি ভাৰতে সন্মুখীন হ'ব পৰা যিকোনো বিপদৰ বাবে বায়ু সেনা সাজু আছে বুলি কৌশলপূৰ্ণ মন্তব্য প্ৰদান কৰে বায়ুসেনাপ্ৰধানগৰাকীয়ে ৷

Last Updated : Mar 5, 2019, 12:42 AM IST

ABOUT THE AUTHOR

...view details