অসম

assam

ETV Bharat / bharat

ভাৰত পাকিস্তানৰ মাজত বৃদ্ধি পাইছে সামৰিক উত্তেজনা - Pakistan Air Force

যুদ্ধসদৃশ পৰিস্থিতি, ভাৰত-পাক সীমান্তৱৰ্তী এলেকাত অসামৰিক বিমান পৰিবহণ নিষিদ্ধ

Mi 17 Transport Helicopter

By

Published : Feb 27, 2019, 1:43 PM IST

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ লেম ভেলী ভূপতিত পাকিস্তানৰ F-16 যুঁজাৰু বিমান । বুধবাৰে দিনৰ ভাগত ভাৰতীয় এয়াৰ স্পেচত প্ৰৱেশৰ চেষ্টা কৰা দুখনকৈ পাকিস্তানী যুঁজাৰু বিমানক বাধা প্ৰদান কৰি এখন পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰিবলৈ সক্ষম হয় ভাৰতীয় বায়ু সেনাই ।

Mi 17 Transport Helicopter

ভাৰতীয় বায়ু সেনাই চুখই বিমানেৰে যোগ্য প্ৰত্য়ুত্তৰ প্ৰদান কৰে পাকিস্তান বায়ু সেনাৰ F-16 বিমান দুখনক । ঘটনাৰ পাচতে লেম ভেলীত দেখা পোৱা গৈছে পেৰাচ্যুটৰ অৱশিষ্ট । আনহাতে জম্মু কাশ্মীৰৰ বাদগামত ভূপতিত হয় ভাৰতীয় বায়ু সেনাৰ এখন বিমান । ভূপতিত বিমানখন ভাৰতীয় বায়ু সেনাৰ এখন Mi 17 Transport Helicopter বুলি প্ৰকাশ কৰিছে বায়ু সেনা কৰ্তৃপক্ষই । বিমানখনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ মৃতদেহ ।

Mi 17 Transport Helicopter

আনহাতে এই ঘটনাৰ পাচতে ৰুদ্ধধাৰ বৈঠকত মিলিত হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল । কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বৈঠকত মিলিত হয় দেশৰ সুৰক্ষা উপদেষ্টাগৰাকী । বৈঠকত উপস্থিত থাকে গৃহ সচিব আৰু চোৰাংচোৱা বিভাগৰ মহানিৰ্দেশক । ইয়াৰ উপৰিও কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াও উপস্থিত থাকে এই বৈঠকত ।

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা

ভাৰতীয় এয়াৰ স্পেচত পাকিস্তানী বায়ু সেনাৰ যুঁজাৰু বিমান প্ৰৱেশৰ পাচতে ভাৰতে বাতিল কৰিছে অসামৰিক বিমান পৰিবহণ সেৱা । পাকিস্তানলৈ যাবলগীয়া বহুসংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে পৰিবৰ্তন কৰা হৈছে বহুসংখ্য়ক বিমানৰ যাত্ৰাপথ ।

অমৃতচৰ বিমান বন্দৰ
অমৃতচৰ বিমান বন্দৰ

ভাৰতৰ অমৃতচৰ বিমান বন্দৰত সাময়িকভাৱে বাতিল কৰা হৈছে বিমান পৰিবহণ সেৱা । সমান্তৰালকৈ জম্মু কাশ্মীৰৰ বহুকেইটা বিমানঘাটি বন্ধ কৰি দিয়াৰ লগতে বায়ু সেনা আৰু স্থলসেনাক হাই এলাৰ্টত ৰাখিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে । ইফালে পাকিস্তানৰ লাহোৰ, মুলটান, ফাইচলাবাদ, শিয়ালকোট আৰু ইছলামাবাদ বিমান বন্দৰৰ বিমান যাত্ৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে পাকিস্তানে ।

ABOUT THE AUTHOR

...view details