অসম

assam

ETV Bharat / bharat

কিয় পিতৃৰ কাষলৈ যাবলৈ ভয় সন্তানৰ ! - Dowry Case in Karnataka

কৰ্ণাটকৰ বেল্লাৰি জিলাত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা ৷ ফুলকুমলীয়া বয়সতে মাতৃ স্নেহৰ পৰা বঞ্চিত হোৱা সন্তানৰ বিস্ফোৰক স্বীকাৰোক্তি ৷

I will not go with father who killed my mother: said child
কিয় পিতৃৰ কাষলৈ যাবলৈ ভয় নিজ সন্তানৰ !

By

Published : Aug 28, 2020, 7:41 PM IST

Updated : Aug 28, 2020, 7:55 PM IST

নিউজ ডেস্ক, 28 আগষ্ট : কিমান স্বাৰ্থপৰ-লোভীয়া মনোবৃত্তিৰ হ’লে পিতৃয়ে নিজ সন্তানৰ পৰা চিৰদিনৰ বাবে কাঢ়ি ল’ব পাৰে মাতৃৰ স্নেহ ৷ এনে এক ঘটনাই সংঘটিত হৈছে কৰ্ণাটকত ৷

কৰ্ণাটকৰ বেল্লাৰি জিলাত সংঘটিত হৈছে মানৱ সমাজত পুনৰবাৰ লজ্জানত কৰা এক যৌতুকৰ শিহৰণকাৰী ঘটনা ৷ যৌতুকৰ ফলতেই তিনি সন্তানৰ মাতৃ তথা পত্নীক হত্যা স্বামীৰ ৷ সান্দুৰ তালুকৰ হীৰেকৰ্ণাহল্লী গাঁৱৰ সবিত্ৰাম্মাৰ সৈতে আঠ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল একেখন গাঁৱৰে অবালেশ নামৰ হত্যাকাৰী স্বামীগৰাকী ৷

হত্যাকাৰী পিতৃয়ে কাঢ়িলে মাতৃৰ স্নেহ

কিন্তু যোৱা 14 মে’ত যৌতুকৰ ভাৱে পত্নীক নৃশংস ভাৱে হত্যা কৰি গাপ দিয়াৰ চেষ্টা স্বামীৰ ৷ জানিব পৰা মতে, যৌতুকৰ দাবী আদায় কৰিব নোৱাৰাত পত্নীক হত্যা কৰি সমগ্ৰ ঘটনা অন্য কাৰণ বশত পত্নীৰ অস্বাভাৱিক মৃত্যু হোৱা বুলি ৰহণ দিয়াৰ যথোপযুক্ত চেষ্টা চলাইছিল ধৃত অবালেশে ৷

ইপিনে মাতৃক দিনে-নিশাই চলাই অহা অত্যাচাৰ আৰু পিতৃয়ে হত্যা কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰে সন্তানে ৷ যাৰ বাবে এতিয়া পিতৃৰ কাষলৈ যাবলৈ ভয় কণমানি সন্তানৰ ৷

কৰ্ণাটকত যৌতুকৰ শিহৰণকাৰী ঘটনা

পিচত মৃত সবিত্ৰাম্মাৰ পৰিয়ালৰ গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী অবালেশক ৷ পৰিয়ালৰ দাবী স্বামীৰ সৈতে এই হত্যাকাণ্ডত জড়িত সকলো লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ কিন্তু এই পৰ্যন্ত 16 ৰ পৰা 20 বাৰকৈ মৃত জীয়ৰীৰ ন্যায়াৰ বাবে কুডলিগী আৰক্ষী থানালৈ অহা যোৱা কৰিছে যদিও একো ফলপ্ৰসূ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে অশ্ৰু-নয়নেৰে জীয়ৰীৰ ন্যায় বিছাৰি এতিয়া হিয়া ভঙা কান্দোন দুৰ্ভগীয়া পিতৃ-মাতৃৰ ৷ সবিত্ৰাম্মাৰ তিনিও সন্তান বৰ্তমান নিজৰ ককা-আইতাৰ সৈতে বাস কৰি আছে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতেই সম্প্ৰতি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

লগতে চাওক-তামিলনাডুত নিজৰ হাত কাটিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানে

Last Updated : Aug 28, 2020, 7:55 PM IST

ABOUT THE AUTHOR

...view details