নেশ্য়নেল ডেস্ক , ১৯ ডিচেম্বৰ : সিদ্ধান্ত সলনি কৰিব নেকি তৃণমূল কংগ্ৰেছৰ অধ্য়ক্ষ পদৰ পৰা শুকুৰবাৰে অব্য়াহতি লোৱা জিতেন্দ্ৰ তিৱাৰীয়ে । মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ ওচৰত ক্ষমা বিচাৰিবলৈ সাজু হোৱাৰ লগতে টিএমচিৰ সৈতে থাকিব বুলি কৰা মন্তব্য়ৰ পিছতে ৰাজ্য়জুৰি চৰ্চা চলিছে এই বিষয়কলৈ । পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা অৰূপ বিশ্বাসৰ লগত হোৱা এক বৈঠকৰ পিছতে মমতা বেনাৰ্জীক ক্ষমা বিচাৰিব বুলি মন্তব্য় কৰে জিতেন্দ্ৰ তিৱাৰীয়ে ।
তেওঁ তৃণমূল কংগ্ৰেছৰ সৈতে থকাৰ লগতে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমা খুজিব বুলিও কয় সাংবাদিকৰ আগত । ইতিমধ্য়ে জিতেন্দ্ৰ তিৱাৰীয়ে আসানচল পৌৰ নিগম প্ৰশাসন ব’ৰ্ডৰ অধ্য়ক্ষ পদৰ পৰাও পদত্য়াগ কৰিছিল । আগন্তুক পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল কংগ্ৰেছৰ প্ৰভাৱশালী নেতা সুবেন্দু অধিকাৰী আৰু শিলভদ্ৰ দত্তৰ পদত্য়াগৰ পিছতে এই ঘটনা পোহৰলৈ আহে ।