অসম

assam

মই কুকুৰ নহয় যে দৰকাৰ নহ'লে পেলাই দিবঃ আৰ পি শৰ্মা

By

Published : Mar 16, 2019, 9:10 PM IST

অন্তত নিৰ্বাচনৰ পেনেল লিষ্টত নাম আহিব লাগিছিল বুলি দুখ প্ৰকাশ সাংসদগৰাকীৰ

মই কুকুৰ নহয় যে দৰকাৰ নহ'লে পেলাই দিব


নিউজ ডেস্ক,16 মাৰ্চ: বিজেপি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ তেজপুৰৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত নাম নথকাৰ বাবেই এই সিদ্ধান্ত সাংসদগৰাকীৰ । নিজৰ ফেচবুক একাউন্ট যোগে এই কথা সদৰী কৰে সাংসদগৰাকীয়ে ৷

মই কুকুৰ নহয় যে দৰকাৰ নহ'লে পেলাই দিব

"মই কুকুৰ নহয় যে দৰকাৰ নহ'লে পেলাই দিব ৷ বিগত কেইবাবছৰৰ পৰা মই বিজেপি তথা আৰ এছ এছৰ নামত সেৱা আগবঢ়াই আহিছো ৷ কেৱল মন,প্ৰাণ নহয় ধনেৰেও আগবঢ়াই আহিছো সেৱা ৷ কিন্তু আজি মোক উলিয়াই দিলে ৷ এয়া বিশ্বাসঘাটকতা নহয় নে ? " ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে তেজপুৰৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই ৷


অসমত বিজেপিক গঢ়াৰ নামত নিজৰ সৰ্বোচ্চ তথা পৰিয়ালকো ত্যাগ কৰিছে বুলি কয় সাংসদগৰাকীয়ে ৷ শেষৰটো নিৰ্বাচনত 9 টাকৈ বিধান সভাৰ আসন পোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাতো তেখেতেই সহায় কৰিছে বুলি জনায় সাংসদগৰাকীয়ে৷ কেৱল এয়াই নহয়, তেখেতৰ কষ্টৰ বাবেই কেৱল অসমৰে নহয়, ভাৰতৰ ভিতৰত বিজেপিৰ বাবে তেজপুৰ সহজলভ্য বুলি মন্তব্য কৰে আৰ পি শৰ্মাই৷


আনহাতে,আসন এৰি দিয়াৰ বাবেও সাজু বুলি উল্লেখ কৰি তেখেতক অৱগত নকৰাকৈ কিদৰে দলে এনেধৰণৰ এটা সিদ্ধান্ত লব পাৰে বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ অন্তত ইলেকচন পেনেল লিষ্টত নাম আহিব লাগিছিল দুখ প্ৰকাশ কৰে সাংসদ আৰ পি শৰ্মাই ৷

অৱশেষত নিৰ্বাচন খেলাটো নিশ্চিত বুলি উল্লেখ কৰি বিজেপি নহ'লেও অন্য দলৰ পৰা টিকট লৈ লোকসভা নিৰ্বাচন খেলিব তথা জয়া হ'ব বুলি দাবী কৰে সাংসদগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details