নেশ্যনেল ডেস্ক, ৮অক্টোবৰ: পুতলাৰে খেলাৰ বয়সত এটাৰ পিছত আনটো অভিলেখ ৰচি ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে হাইদৰাবাদৰ আদিথ বিশ্বনাথ গৌৰীছেট্টীয়ে। ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, তেলেগু বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হৈছে হাইদৰাবাদৰ কৰীমনগৰৰ এই কণমানিটোৰ। প্ৰখৰ স্মৃতিশক্তিৰে বৰ্তমানলৈকে ৫বাৰ অভিলেখ ৰচিছে ১ বছৰ ৯ মাহ বয়সৰ আদিথে। এই কুমলীয়া বয়সতে অভিলেখ ৰচি পৰিয়াল তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা কনমানিটোক মৰম আৰু প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। আদিথৰ প্ৰতিভাৰ উমান কেৱল ৰাজ্যবাসীয়ে নহয়, সমগ্ৰ দেশ আৰু বিশ্ববাসীয়ে পাইছে।
ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ নাম সন্নিবিষ্ট হোৱাৰ পিছতে এই কথা প্ৰমাণিত হৈছে বুলি প্ৰকাশ কৰিছে মাতৃ ছেদিতাই। যি সময়ত আদিথৰ বয়সৰ শিশুৱে নাৰ্চাৰীৰ ৰাইমছ শিকাত ব্যস্ত হৈ আছে, নিচুকণি গীত শুনি আছে, সেই সময়তে আদিথ পশু-পক্ষী, ফল-মূল, ৰাষ্ট্ৰীয় পতাকা, ঘৰত ব্যৱহৃত বৈদ্যুতিক সামগ্ৰী আৰু ৰঙৰ চিনাক্তকৰণ কৰাত অভ্যস্ত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে পূজা কৰা দেৱ-দেৱী, কাৰ ল'গ', ইংৰাজীৰ বৰ্ণমালা, ঘৰচীয়া জন্তু, বনৰীয়া জন্তু, ব্যৱসায়, শৰীৰৰ অংগ, পতাকা আদি চিনাক্ত কৰিব পৰা আৰু মনত ৰাখিব পৰা দক্ষতাৰ বাবে আদিথে অভিলেখ ৰচিবলৈ সক্ষম হৈছে।