অসম

assam

ETV Bharat / bharat

হাইদৰাাদত বৃষ্টিপাতঃ বিভাগীয় বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - হাইদৰাাদ

প্ৰৱল বৃষ্টিপাতৰ সময়ত বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৰ। লগতে হাইদৰাবাদৰ বিভিন্ন স্থানত থকা টেংকসমূহ পৰীক্ষা কৰিবলৈও নিৰ্দেশ জাৰি। জৰুৰীকালীন সময়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ১৫টা বিশেষ দল গঠনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

হাইদৰাাদত বৃষ্টিপাত: বিভাগীয় বিষয়াসকলক সতৰ্ক থাকিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
হাইদৰাাদত বৃষ্টিপাত: বিভাগীয় বিষয়াসকলক সতৰ্ক থাকিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Oct 21, 2020, 6:05 PM IST

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: হাইদৰাবাদত অব্যাহত থকা ধাৰাসাৰ বৃষ্টিপাতৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগৰ পুৰ্বানুমানৰ পিছতে বিভাগীয় বিষয়াসকলক জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ সৰ্তক কৰি দিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে। ৰাজ্যখনৰ বিভিন্ন স্থানত বিজুলী-ধেৰেকণিৰে প্ৰচণ্ড বৰষুণ হোৱাৰ লগতে ব্ৰজপাত পৰাৰো সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান বিভাগে।

বুধবাৰে এক বিবৃত্তিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে হাইদৰাবাদত সময়ে সময়ে টেংকবোৰ পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৰষুণৰ ফলত সৃষ্টি হোৱা বানে টেংকবোৰ ক্ষতি কৰাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। এই কামৰ বাবে জলসম্পদ বিভাগক ১৫টা বিশেষ দল গঠনৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, এই দলবোৰে চহৰৰ প্ৰতিটো টেংক আৰু হ্ৰদৰ সামগ্ৰিক অৱস্থাৰ পৰীক্ষা কৰা উচিত।

নিম্নস্তৰীয় অঞ্চলসমূহত বাস কৰা লোকসকলকো সতৰ্ক কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। যোৱা সপ্তাহত ৭০ জন লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। বৰ্তমানলৈকে ৫০০০ কোটিৰো অধিক লোকচান হৈছে ৰাজ্যখনত।

লগতে পঢ়ক:কাঠফুলাক COVID-19 প্ৰতিৰোধী ক্ষমতাসম্পন্ন খাদ্য আখ্যা ভাৰতীয় গৱেষকৰ

ABOUT THE AUTHOR

...view details