নিউজ ডেস্ক, 15 এপ্ৰিলঃ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দনৰ পৰা সীমা শুক্ল বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সোণ ৷ সোমবাৰে বিমানবন্দৰত নিয়মীয়া তালাচীৰ সময়তে সোণসহ আৰক্ষীয়ে আটক কৰে এগৰাকী লোকক ৷
হায়দৰাবাদ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ সোণ - সোণ জব্দ
শুল্ক বিভাগৰ নিয়মীয়া তালাচীত জব্দ হয় অবৈধ সোণখিনি ৷

হায়দৰাবাদ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ সোণ
জানিব পৰা মতে, জব্দ হোৱা সোণখিনিৰ ওজন 1164.90 গ্ৰাম হ'ব আৰু ইয়াৰ বজাৰ মূল্য 36, 99, 782 টকা হ'ব বুলি প্ৰকাশ কৰিছে সীমা শুল্ক বিভাগে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী লোকক আটক কৰিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আটকাধীন লোকজন ডোহাৰ পৰা আহি আছিল ৷