নিউজ ডেক্স,26 ডিচেম্বৰঃ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ৰক্ষা পাবলৈ হায়দৰাবাদৰ এগৰাকী যান্ত্ৰিক অভিযন্তাই পেলনীয়া প্লাষ্টিকক ইন্ধনৰ আকাৰে প্ৰস্তুত কৰিব বুলি দাবী জনায় ৷ এক প্ৰতিবেদন অনুসৰি 2050 চনলৈ সাগৰত মাছতকৈ প্লাষ্টিকৰ সংখ্যা বৃদ্ধি পাব ৷ যিটো এক বিধ্বংসী তথ্য ৷ দেশজুৰি লোকসকলে নিজ নিজ স্থানত প্লাষ্টিক নিৰ্মূলৰ বাবে চেষ্টা কৰি আছে ৷ সতীশ কুমাৰো তেওঁলোকৰ ভিতৰৰে এগৰাকী ৷
সতীশ কুমাৰ হায়দৰাবাদৰ এগৰাকী অভিযন্তা ৷ তেওঁ এণ্ড লাইফ প্লাষ্টিকৰ ব্যৱহাৰ কৰি আছে ৷ যাক চিন্থেটিক ইন্ধন উৎপাদনত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি ৷ তেওঁ কয় যে, প্ৰায় 500 কিলোগ্ৰাম অনৱীকৰণযোগ্য প্লাষ্টিকেৰে 400 লিটাৰ ইন্ধন উৎপাদন কৰিব পৰা যায় ৷ কুমাৰে এক থ্ৰী-ষ্টেপ ৰিভাৰ্চ অভিযান্ত্ৰিক প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰে, য'ত প্লাষ্টিকবোৰ পৰোক্ষভাৱে ভেকুৱাম, ডি-প'লিমাৰাৰাইজ আৰু গেছিফাইডত গৰম কৰি ঘনীভূত কৰা হয় ৷ যাৰ ফলত তিনিধৰণৰ ইন্ধন যেনে- ডিজেল, বিমান ইন্ধন আৰু আৰু পেট্ৰ'লৰ অনুৰূপ ইন্ধন উৎপন্ন হয় ৷ এই ইন্ধনৰ বৈশিষ্টবোৰ পেট্ৰ'লৰ লগত প্ৰায় মিল আছে যদিও ই পেট্ৰ'লতকৈ কিছু পৃথক ৷
এই দহনযোগ্য তৰল পদাৰ্থৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা প্ৰক্ৰিয়া প্লাষ্টিক পাইৰোলিচিছতকৈ সম্পূৰ্ণ পৃথক ৷ ইন্ধন উৎপাদনৰ এই অনন্য প্ৰণালীত চিমনীৰ প্ৰয়োজন নহয় আৰু কোনো অৱশিষ্টও নাৰাখে ৷ এই প্ৰক্ৰিয়াত উৎপাদিত গেছৰ ব্যৱহাৰ জেনেৰেটৰ চলাবলৈ কৰা হয় আৰু অৱশিষ্ট কাৰ্বন আৱৰ্জনা গছপুলি সমূহত উৰ্বৰতা আনিবলৈ সাৰ ব্যৱহাৰ কৰে ৷