অসম

assam

ETV Bharat / bharat

ইছলামিক সন্ত্ৰাসবাদীৰ সুৰক্ষিত স্থান হায়দৰাবাদঃ বিজেপি সাংসদ

দেশত লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে বিজেপি সাংসদ বান্দাৰু দত্তাত্ৰেয়াই সন্ত্ৰাসবাদ সন্দৰ্ভত এইদৰে প্ৰকাশ কৰিছে নিজৰ মন্তব্য

By

Published : Apr 22, 2019, 11:45 AM IST

সৌজন্যঃ ANI

নিউজ ডেস্ক, 22 এপ্ৰিলঃতৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা সম্পন্ন হোৱা তালাচী অভিযান সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে বিজেপি সাংসদ বান্দাৰু দত্তাত্ৰেয়াই ৷ বিজেপি সাংসদগৰাকীৰ মতে হায়দৰাবাদ ইছলামিক ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হ'বলৈ গৈ আছে ৷

সৌজন্যঃ ANI

বিজেপি সাংসদগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত কয়, "ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শেহতীয়াকৈ সম্পন্ন কৰা তালাচী অভিযানত এইটো স্পষ্ট হৈ পৰিছে যে, হায়দৰাবাদ ইছলামিক সন্ত্ৰাসবাদীৰ বাবে এক সুৰক্ষিত স্থানত পৰিণত হৈছে ৷ চহৰখনত ইছলামিক সন্ত্ৰাসবাদীৰ কাৰ্যপন্থা বহুটো বৃদ্ধি পোৱাৰ লগতে হায়দৰাবাদত বৃহৎ হাৰত নৱপ্ৰজন্মক ইছলামিক সন্ত্ৰাসবাদী সংগঠনত নিযুক্ত কৰা হৈছে ৷ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সৈতে অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমেন দলৰ সংযুক্ত চৰকাৰ থকাৰ বাবে ৰাজ্যখনৰ আৰক্ষীয়ে কেতিয়াও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ৷ মই ৰাজ্য চৰকাৰক আৰক্ষী মহানিৰ্দেশক নাইবা মহাপৰিদৰ্শকৰ নেতৃত্বত এটি বিশেষ বাহিনী গঠন কৰি সমগ্ৰ বিষয়টো অনুসন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছো ৷"

ABOUT THE AUTHOR

...view details