অসম

assam

ETV Bharat / bharat

আত্মৰক্ষাৰ বাবে গুলি চলাইছিল আৰক্ষীয়ে - hyderabad rape

পিতৃয়ে ক'লে, 'মোৰ জীয়ৰীৰ মৃত্যুৰ 10 দিন পাৰ হোৱাৰ সময়তে প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে মই আৰক্ষী তথা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ এতিয়াহে মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷'

ঘটনাৰ পিচতে, নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত ভিন্নজনৰ
'দিশা' ধৰ্ষণ কাণ্ডৰ লগত জড়িত চাৰিজন মূল অভিযুক্তক এনকাউণ্টাৰ

By

Published : Dec 6, 2019, 10:32 AM IST

Updated : Dec 6, 2019, 10:37 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ: 'দিশা' ধৰ্ষণ কাণ্ডৰ লগত জড়িত চাৰিজন মূল অভিযুক্তক আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাৰ পিচতে, নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভুক্তভোগীৰ পিতৃয়ে ৷ তেওঁ কয়, 'মোৰ জীয়ৰীৰ মৃত্যুৰ 10 দিন পাৰ হোৱাৰ সময়তে প্ৰশাসনৰ এনে পদক্ষেপৰ বাবে মই আৰক্ষী তথা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ এতিয়াহে মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷'

প্ৰতিক্ৰিয়া ব্যক্ত ভুক্তভোগীৰ পিতৃৰ

ঘটনা সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক প্ৰকাশ ৰেড্ডীয় কয় যে, তদন্তজনিত কাৰণত চাৰিও অভিযুক্তক ঘটনাস্থলীলৈ নিয়াৰ পিচত অভিযুক্তকেইজনে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি তেওঁলোকক উদ্দেশ্যি গুলী চলায় ৷ সেয়েহে, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ওলোটাই কৰা গুলীবৰ্ষণত অভিযুক্তকেইজনৰ মৃত্যু হয় ৷

ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্ভয়াৰ মাতৃয়ে ৷ তেওঁ কয়, আৰক্ষীৰ এয়া এক উচিত পদক্ষেপ ৷ সেয়েহে তেওঁৰ অনুৰোধ, ঘটনাত লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ ঋণাত্মক ব্যৱস্থা লোৱা নহয় ৷

নিৰ্ভয়াৰ মাতৃ আশা দেৱীৰো মন্তব্য

আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মায়ো এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, আমি সকলোৱে অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডই কামনা কৰিছিলো ৷ এই ক্ষেত্ৰত আৰক্ষী শ্ৰেষ্ঠ বিচাৰক, যদিও মই নাজানো কি পৰিস্থিতিত পৰি এনে ঘটনা সংঘটিত হ'ল ৷

অধ্যক্ষ ৰেখা শৰ্মাৰো মত প্ৰকাশ

লগতে পঢ়ক:শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

Last Updated : Dec 6, 2019, 10:37 AM IST

ABOUT THE AUTHOR

...view details