অসম

assam

ETV Bharat / bharat

হায়দৰাবাদ গণ-ধৰ্ষণঃ সময় অনুসৰি তদন্তৰ আশ্বাস তেলেংগানা আৰক্ষীৰ

হায়দৰাবাদৰ পশু চিকিৎসক, প্ৰিয়ংকা ৰেড্ডীৰ ভয়ানক গণ-ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ তেলেংগানা আৰক্ষী সঞ্চালকপ্ৰধানৰ ৷ এক সংবাদমেল আয়োজন কৰি, ঘটনাৰ ক্ষীপ্ৰ অনুসন্ধান আৰু নিৰপেক্ষ তদন্তৰ আশ্বাস প্ৰদান কৰে সঞ্চালকপ্ৰধান এম মহেন্দৰ ৰেড্ডীয়ে ৷

Hyd Vet gang-rape, Priyanka Reddy Rape and Murder, TS police DGP ensure investigation, হায়দৰাবাদ গণ-ধৰ্ষণ আৰু হত্যা, পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণ আৰু হত্যা, তেলেংগানা আৰক্ষীৰ তদন্তৰ আশ্বাস, তেলেংগানা আৰক্ষী সঞ্চালকপ্ৰধানৰ সংবাদমেল, আৰক্ষী সঞ্চালকপ্ৰধান এম মহেন্দৰ ৰেড্ডী, প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত তেলেংগানা আৰক্ষী
তেলেংগানা আৰক্ষী সঞ্চালকপ্ৰধান এম মহেন্দৰ ৰেড্ডী

By

Published : Dec 2, 2019, 7:08 PM IST

নেশ্বনেল ডেস্ক, 2 ডিচেম্বৰঃহায়দৰাবাদৰ পশু চিকিৎসক, প্ৰিয়ংকা ৰেড্ডীৰ গণ-ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেলেংগানা আৰক্ষীয়ে ৷ এক সংবাদমেল আয়োজন কৰি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধানে ঘটনাৰ ক্ষীপ্ৰ আৰু নিৰপেক্ষ অনুসন্ধান তথা তদন্তৰ আশ্বাস প্ৰদান কৰে ৷ আৰক্ষী সঞ্চালকপ্ৰধান এম মহেন্দৰ ৰেড্ডীয়ে ঘটনাৰ সৈতে জড়িত থকা চাৰিগৰাকী অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰতে অনুসন্ধান প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়কঃ সংসদত উত্থাপন হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড

দেওবাৰে নিশাৰ ভাগত অনুষ্ঠিত হোৱা সংবাদমেলখনত এইসন্দৰ্ভত তদন্তকাৰী বিষয়াক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে ৷ ঘটনাৰ সৈতে জড়িত থকা চাৰিগৰাকী অভিযুক্তৰ কঠোৰতম শাস্তিৰ বাবে ৰাজ্যখনৰ আইন বিভাগৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে সঞ্চালকপ্ৰধানগৰাকীয়ে ৷

লগতে পঢ়কঃহায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বিগত 28 নৱেম্বৰত হায়দৰাবাদৰ চাদনগৰ অঞ্চলত জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ মৃতদেহ ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰিয়ংকাৰ সৈতে বৰ্বৰ গণ-ধৰ্ষণ সংঘটিত হোৱাৰ লগতে জীৱন্তে জ্বলাই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছিল ৷ ঘটনাৰ এদিন পিচতেই তেলেংগানা আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ 20ৰ পৰা 24 বছৰ বয়সৰ ট্ৰাকৰ কৰ্মচাৰী চাৰিগৰাকীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ শনিবাৰে আটাইকেইগৰাকী অভিযুক্তকে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে তেলেংগানা আৰক্ষীয়ে ৷ আটাইকেইগৰাকী অভিযুক্তকে কটকটীয়া নিৰীক্ষণ ব্যৱস্থাৰে চেৰাপল্লী জেলত ৰখা হৈছে ৷

ABOUT THE AUTHOR

...view details