নিউজ ডেস্ক, 7 ডিচেম্বৰঃন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত শুকুৰবাৰে মাহবুবনগৰ চিকিৎসালয়ত দিশা কাণ্ড সংঘটিত কৰা চাৰি অভিযুক্ত কেইজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষাৰ দৃশ্য গ্ৰহণ কৰা হৈছে ৷ তেলেংগানা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে গুলিয়াগুলিত নিহত হোৱা ধৰ্ষণকাণ্ডৰ অভিযুক্ত কেইজনৰ মৃতদেহকেইটা 9 ডিচেম্বৰ বিয়লি 8 বজালৈকে সংৰক্ষিত কৰি ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল ৷
উচ্চ ন্যায়ালয়ে চাৰি অভিযুক্তৰ হত্যাকাণ্ডটো এক অতিৰিক্ত ন্যায়িক হত্যা বুলি অভিযোগ কৰি এই সন্দৰ্ভত ন্যায়িক হস্তক্ষেপৰ অনুৰোধ কৰে ৷ লগতে উচ্চ ন্যায়ালয়ে অভিযুক্ত কেইজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ দৃশ্য গ্ৰহণ সমূহ 'কম্পেক্ট ডিস্ক' নাইবা 'পেন ড্ৰাইভ'ত সংগ্ৰহ কৰি অধ্যক্ষ জিলা ন্যায়াধীশৰ হাতত দিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি গান্ধী চিকিৎসালয়,হায়দৰাবাদৰ অধীক্ষক আৰু চিকিৎসকৰ এটা ফৰেনচিক দলৰ তত্বাৱধানত তেলেংগানাৰ চৰকাৰী জিলা চিকিৎসালয়ত দিশা কাণ্ডৰ চাৰি অভিযুক্তৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ৷