অসম

assam

ETV Bharat / bharat

সন্তানক হত্যা কৰি কলংকিত এহাল পিতৃ-মাতৃ - Karnataka family suicide

স্বামীয়ে জানিবলৈ দিয়া অনুসৰি, দুই সন্তানক পানীলৈ দলিয়াই নিঃসহায় হৈ পৰে চিৰঞ্জীৱিৰ পত্নী নন্দিনী ৷ সন্তানৰ প্ৰাণ ৰক্ষাৰ বাবে আত্মীয়ৰ লগত যোগাযোগ কৰে নন্দিনীয়ে ৷ ইতিমধ্যে পানীত সলিল সমাধি ঘটে এবছৰীয়া চিৰো আৰু তিনিবছৰীয়া খুছিৰ ৷ আনহাতে, ঘটনাস্থলীৰ পৰা পলায়ণ কৰা চিৰঞ্জীৱিক বিচাৰি তদন্ত আৰম্ভ কৰিছে ৰাজ্যখনৰ অন্তৰ্গত গুদেকোটে আৰক্ষীয়ে ৷

killed children
কৰ্নাটক

By

Published : Aug 13, 2020, 9:59 PM IST

নিউজ ডেস্ক, 13 আগষ্টঃ কৰ্নাটকত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ ঋণত পোত গৈ থকা পিতৃ-মাতৃয়ে হত্যা কৰে এবছৰীয়া আৰু তিনিবছৰীয়া দুই সন্তানক ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি, ধাৰত পোত গৈ থকা এটা দম্পত্তিয়ে আত্মহত্যাৰ কথা থিৰাং কৰি প্ৰথমে দুই সন্তানক ৰামাদুৰ্গা হ্ৰদলৈ দলিয়াই দিয়ে ৷ কিন্তু পৰৱৰ্তী সময়ত কোনে প্ৰথমে আত্মহত্যা কৰিব ইয়াক লৈ দুই স্বামী স্ত্ৰীৰ মাজত বাক-বিতণ্ডাৰ আৰম্ভ হয় ৷ গাড়ী লৈ অহাৰ সুযোগ লৈ উক্ত স্থানৰ পৰা পলাই যায় চিৰঞ্জীৱিয়ে ৷

সন্তানক হত্যা কৰি কলংকিত এহাল পিতৃ-মাতৃ....

লগতে পঢ়কঃভোগ-নৈবদ্যৰে ব্ৰহ্মপুত্ৰক আৰাধনা নৈপৰীয়াৰ

উল্লেখ্য যে, স্বামীৰ কথামতে দুই সন্তানক পানীলৈ দলিয়াই নিঃসহায় হৈ পৰে চিৰঞ্জীৱিৰ পত্নী নন্দিনী ৷ সন্তানৰ প্ৰাণ ৰক্ষাৰ বাবে আত্মীয়ৰ লগত যোগাযোগ কৰে নন্দিনীয়ে ৷ ইতিমধ্যে পানীত সলিল সমাধি ঘটে এবছৰীয়া চিৰো আৰু তিনিবছৰীয়া খুছিৰ ৷ আনহাতে, ঘটনাস্থলীৰ পৰা পলায়ণ কৰা চিৰঞ্জীৱিক বিচাৰি তদন্ত আৰম্ভ কৰিছে ৰাজ্যখনৰ অন্তৰ্গত গুদেকোটে আৰক্ষীয়ে ৷

জানিব পৰা মতে, কত্তৰো গাঁও পঞ্চায়তৰ অন্তৰ্গত মাল্লায়াকানাহালি গাঁৱৰ নিবাসী চিৰঞ্জীৱিয়ে 4 বছৰ পূৰ্বে নন্দিনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ ইয়াৰ পাছতে ক্ৰমান্বয়ে ধাৰত পোত গৈছিল চিৰঞ্জীৱি ৷

ABOUT THE AUTHOR

...view details