অসম

assam

ETV Bharat / bharat

প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে শতাধিক তবলিগী - প্লাজমা

বহু সংখ্যক জামাতীয়ে প্লাজমা থেৰাপিৰ বাবে ৰক্তদান কৰিব বুলি ঘোষণা কৰে নতুন দিল্লীৰ ভিন্ন কোৱাৰেণ্টইন কেন্দ্ৰত । এই ঘোষণাই তেওঁলোকৰ বিৰুদ্ধে কৰা গুৰুতৰ অভিযোগক প্ৰশংসাত পৰিণত কৰিছে ।

প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে শতাধিক তবলিগী
প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে শতাধিক তবলিগী

By

Published : Apr 28, 2020, 1:26 PM IST

নতুন দিল্লী, 28 এপ্ৰিলঃ নতুন দিল্লীৰ ভিন্ন কোৱাৰেণ্টইন কেন্দ্ৰত বহু সংখ্যক জামাতীয়ে প্লাজমা থেৰাপিৰ বাবে ৰক্তদান কৰিব বুলি ঘোষণা কৰে। তবলিগী জামাতৰ সদস্য সকলৰ দ্বাৰা কৰা এই ঘোষণাই তেওঁলোকৰ বিৰুদ্ধে কৰা গুৰুতৰ অভিযোগক প্ৰশংসাত পৰিণত কৰিছে ।

উল্লেখ্য যে,তবলিগী জামাতৰ সদস্যসকলে সমগ্ৰ দেশতে COVID-19 মহামাৰীৰ সংক্ৰমণ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থপন কৰা হৈছিল । আনকি তবলিগী জামাতৰ প্ৰাধান মৌলানা ছাঁদৰ বিৰুদ্ধেও হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল । কিন্তু বৰ্তমান তেওঁৰ আবেদনতেই তবলিগী জামাতৰ সদস্যসকলে প্লাজমা থেৰাপিৰ বাবে ৰক্তদান কৰা আৰম্ভ কৰিছে । ইতিমধ্যে তবলিগী জামাতৰ কেইবাগৰাকীও সদস্যই প্লাজমা থেৰাপি দিছে ।

এক প্ৰতিবেদন অনুসৰি,দিল্লীৰ চুলতানপুৰী কোৱাৰেণ্টাইন কেন্দ্ৰৰ ৪ গৰাকী সদস্যই প্লাজমা দান কৰিছে। ইয়াৰোপৰি নৰীলা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ১৯০, চুলতানপুৰী কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ৫১ আৰু মাংগল পুৰী কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ৪২ গৰাকী লোকে প্লাজমা দান কৰিব বুলি জানিব পৰা গৈছে। এই লোকসকল COVID-19ত আক্ৰান্ত হৈ পুনৰ সুস্থ হৈ উঠা লোক । প্লাজমা থেৰাপি বাস্তৱতঃ এক ধৰণৰ চিকিৎসা, যি COVID-19ত আক্ৰান্ত লোকৰ শৰীৰত স্থানান্তৰ কৰা হয় ।

লগতে পঢ়কঃচৰকাৰক সহায়ৰ আহ্বান চেন্নাইত জীৱন-নিৰ্বাহ কৰা ৰাজস্থানী শিল্পকাৰৰ

ABOUT THE AUTHOR

...view details