অসম

assam

ETV Bharat / bharat

ভাৰতক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান হিউমেন ৰাইটছ ৱাটছৰ - হুমান ৰাইটছ ৱাটছ

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা Human Rights Watch (HRW), হুমান ৰাইটছ ৱাটছে ভাৰতৰ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰায় 82 পৃষ্ঠাযোৰা এক প্ৰতিবেদনত এই বিষয়ে সকলো তথ্য উল্লেখ কৰিছে সংস্থাটোৱে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান
নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান

By

Published : Apr 11, 2020, 12:59 PM IST

Updated : Apr 11, 2020, 2:32 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃআন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা, Human Rights Watch (HRW)এ শুকুৰবাৰে 82 পৃষ্ঠাজোৰা এক প্ৰতিবেদন দাখিল কৰি ভাৰতত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ আহ্বান জনাইছে ৷ ভৱিষ্যতে হ’ব পৰা যিকোনো ধৰণৰ শৰণাৰ্থী আশ্ৰয়জনিত বিষয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আইনী নীতি অনুধাৱন কৰিবলৈ কোৱা হৈছে প্ৰতিবেদনখনত ৷ ধৰ্ম নাইবা অন্যান্য কাৰকৰ ভিত্তিত যাতে নাগৰিকত্ব খৰ্ব হ’ব নোৱাৰে তাৰ বিষয়েও উল্লেখ আছে এই প্ৰতিবেদনখনত ৷

'Shoot the Traitors: Discrimination Against Muslims Under India's New Citizenship Policy' নামে প্ৰকাশ কৰা প্ৰতিবেদনখন প্ৰকাশ কৰি সংস্থাটোৰ দক্ষিণ এছিয়াৰ নিৰ্দেশক মীনাক্ষী গাংগুলীয়ে শেহতীয়াকৈ ভাৰতে সংশোধন কৰা নাগৰিকত্ব আইনখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰং, বৰ্ণ, গোত্ৰ, জাতি নাইবা ৰাষ্ট্ৰৰ ভিত্তিত নাগৰিকত্বৰ অধিকাৰ ভংগ কৰিছে ৷

এইক্ষেত্ৰত ভাৰতক শীঘ্ৰেই এই আইনখন বাতিল কৰাৰ লগতে ৰাষ্ট্ৰব্যাপী আৰম্ভ কৰিবলৈ লোৱা নাগৰিকত্ব পৰীক্ষণৰ অন্যান্য নীতিসমূহ বন্ধ কৰিবলৈ কয় সংস্থাটোৱে ৷ অৱশ্যে এইক্ষেত্ৰত ৰাষ্ট্ৰযোৰা সঠিক একক নীতিৰ দ্বাৰা দুখীয়া, সংখ্যালঘু সম্প্ৰদায়, প্ৰব্ৰজক অথবা বাহ্যিকভাৱে আশ্ৰয়হীন জনসংখ্য়া আৰু মহিলাসকলৰ অধিকাৰ ভংগ নকৰাকৈ এই নীতি কাৰ্যকৰী কৰিবলৈয়ো লগতে উল্লেখ কৰে সংস্থাটোৱে ৷

নিউয়ৰ্কস্থিত সংস্থাটোৱে লগতে কয় যে, "ভাৰতে নাগৰিকত্ব সংশোধনী আইনক নাগৰিকত্ব প্ৰক্ৰিয়াৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে কিন্তু এইক্ষেত্ৰত বিজেপি নেতাসকলৰ পৰস্পৰবিৰোধী, পক্ষপাতিত্বমুলক আৰু ঘৃণা-পূৰ্ণ দাবীৰ দ্বাৰা সংখ্যালঘু সম্প্ৰদায়ক বঞ্চিত কৰিছে ৷"

"ভাৰত চৰকাৰে শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় নীতি ভংগ কৰা এই আইন বাতিল কৰাৰ লগত, আৰক্ষীৰ দ্বাৰা হোৱা অত্যাচাৰ আৰু বাকস্বাধীনতা তথা ঘুৰাফুৰাৰ স্বাধীনতা প্ৰদান কৰিব লাগে ৷ এইসমূহ পক্ষপাতিত্বমুলক নীতিয়ে মুছলমানসকলৰ বিৰুদ্ধে হিংসা বিয়পোৱাত অধিক সহায় কৰিছে ৷" বুলি গাংগুলীয়ে কয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈ গাংগুলীয়ে লগতে কয় যে, "ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কোভিড-19ৰ বিৰুদ্ধে সকলোকে একত্ৰিতভাৱে যুঁজিবলৈ আহ্বান জনাইছে যদিও মুছলমান-বিৰোধী আৰু পক্ষপাতিত্বমুলক আচৰণৰ বাবে এতিয়াও আহ্বান জনোৱা পৰিলক্ষিত হোৱা নাই ৷"

সংস্থাটোৱে ইয়াৰ প্ৰতিবেদনত চৰকাৰী নীতিক সমালোচনা কৰি ইয়াৰ দ্বাৰা গোষ্ঠীসংঘৰ্ষৰ লগতে আৰক্ষীৰ দ্বাৰা মুছলমান আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অধিক হিংসা সংঘটিত হোৱা বুলি দাবী কৰিছে ৷ সমগ্ৰ প্ৰতিবেদনখন দিল্লী, উত্তৰ প্ৰদেশ আৰু অসমৰ 100ৰো অধিক ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা গ্ৰহণ কৰা সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰি উলিওৱা হৈছে ৷

Last Updated : Apr 11, 2020, 2:32 PM IST

ABOUT THE AUTHOR

...view details