নিউজ ডেস্ক, 10 আগষ্ট: সীমা শুল্ক বিভাগ সৈতে চলোৱা যৌথ অভিযানত মুম্বাই আৰক্ষীয়ে সোমবাৰে নভী মুম্বাইস্থিত নাভা শেৱা বন্দৰত 1000 কোটি টকাৰ 191 কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷
নভী মুম্বাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
সোমবাৰে সীমা শুল্ক বিভাগ আৰু মুম্বাই আৰক্ষীৰ যৌথ অভিযানত নভী মুম্বাইস্থিত নাভা শেৱা বন্দৰত জব্দ হয় 1000 কোটি টকাৰ 191 কিলোগ্ৰাম ড্ৰাগছ ৷ ঘটনা সন্দৰ্ভত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷
নভী মুম্বাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
উল্লেখ্য যে,পাইপৰ ভিতৰত লুকুৱাই অনা এই বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ আফগানিস্তানৰ মাধ্যমেৰে সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল ৷ ঘটনা সন্দৰ্ভত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক সোধ-পোচৰ বাবে ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা বুলি ৰাজহ তদন্তকাৰী সংস্থাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:আজি ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তাহ