অসম

assam

By

Published : Jul 15, 2020, 12:14 PM IST

ETV Bharat / bharat

অনলাইন পাঠদানৰ গাইডলাইন মুকলি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ

বিদ্যালয় সমূহৰ দ্বাৰা অনলাইন পাঠদানৰ বাবে জাৰি কৰা নতুন নিৰ্দেশনাত, মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে দৈনিক ছেচনৰ সময়সীমা আৰু সংখ্যাৰ বিযয়ত এক টোকা প্ৰস্তুত কৰে । 'প্ৰজ্ঞাতা' নামৰ ডিজিটেল বা অনলাইন শিক্ষাৰ এই নিৰ্দেশনাত মন্ত্ৰণালয়ে, শিক্ষা সম্বন্ধিত সকলো ধৰণৰ প্ৰয়াসক একত্ৰীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ।

অনলাইন পাঠদানৰ গাইডলাইন মুকলি
অনলাইন পাঠদানৰ গাইডলাইন মুকলি

নেশ্যনেল ডেস্ক, 15 জুলাই:মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে মঙলবাৰে বিদ্যালয় সমূহৰ দ্বাৰা অনলাইন পাঠদানৰ কিছুমান নিৰ্দেশনা জাৰি কৰে । লগতে শিক্ষাৰ্থী সকলৰ বাবে এদিনৰ সময়সীমা আৰু ছেচনৰ সংখ্যা সম্পৰ্কেও এটি টোকা আগবঢ়ায় ।

'প্ৰজ্ঞাতা' নামৰ এক গাইডলাইনৰ জৰিয়তে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে অনলাইন পাঠদানৰ সময় 30 মিনিটৰ অধিক নোহোৱাটো উচিত বুলি উল্লেখ কৰে ।

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে 45 মিনিটৰ 2 টা ছেচন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আনহাতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে 30-45 মিনিটৰ 4 টা ছেচন কৰিবলৈ নিৰ্দেশ দিছে ।

অনলাইন পাঠদানৰ গাইডলাইন মুকলি মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ

অনলাইল ডিজিটেল শিক্ষণৰ বাবে এই নিৰ্দেশনাত 8 টা স্তৰ সন্নিবিষ্ট কৰা হৈছে । সেইয়া হ'ল- পৰিকল্পনা, পৰ্যালোচনা, ব্যৱস্থা, গাইড, আলোচনা, এচাইন, ট্ৰেক আৰু সহযোগিতা । এই স্তৰবোৰৰ মাজেৰে শিক্ষা আগুৱাই নিলে শ্ৰেণীবদ্ধভাৱে ডিজিটেল শিক্ষণৰ পৰিকল্পনা আৰু কাৰ্যকাৰিতাক নিৰ্দেশিত কৰিব ।

COVID-19 মহামাৰীৰ বাবে বন্ধ হৈ পৰিছে দেশৰ সকলো বিদ্যালয় । যাৰ ফলত দেশৰ 240 মিলিয়ন শিশুৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে । এনেদৰে বিদ্যালয় সমূহ বন্ধ হৈ থাকিলে ব্যাপক হাৰত শিক্ষাৰ লোকচান হ'ব পাৰে বুলি উল্লেখ কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ।

এই নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ দৃষ্টিকোণেৰে বিকশিত কৰা হৈছে । ডিজিটেল শিক্ষণৰ এই নিৰ্দেশনাই বহু শিক্ষাৰ্থীৰ বাবে নিজৰ শিক্ষা আগুৱাই নিয়াৰ ক্ষেত্ৰত এক সংকেত প্ৰদান কৰিব ।

শিক্ষণৰ সময়কাল, স্ক্ৰীণিঙৰ সময়, অনলাইল আৰু অফলাইন ক্ৰিয়া কলাপ সমূহৰ ভাৰসাম্যতা বজাই ৰখা, বিৱৰণসহ ডিজিটেল শিক্ষণৰ যোজনা আদিৰ ক্ষেত্ৰত মূল্যাংকণৰ প্ৰয়োজন ।

ডিজিটেল শিক্ষণৰ সময়ত শাৰীৰিক, মানসিক স্বাস্থ্য আৰু সুস্থতা, চাইবাৰ সুৰক্ষা আৰু সহযোগিতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসন, বিদ্যালয় প্ৰধান, শিক্ষক, অভিভাৱক আদিয়ে সতৰ্কতা আদি ভিন্ন বিষয়ত গুৰুত্ব প্ৰদান কৰিব লাগিব ।

অভিভাৱক সকলৰ বাবেও এই নিৰ্দেশনাত, ঘৰত শিশুক কেনেদৰে চাইবাৰ সুৰক্ষা প্ৰদান কৰিব, শাৰীৰিক-মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আদি বিষয়সমূহ সন্নিবিষ্ট আছে ।

শাৰীৰিক স্বাস্থ্য আৰু মানসিক কল্যাণৰ ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থাৰ ক্ষেত্ৰত এই নিৰ্দেশনাত সকলো বিষয় উল্লেখ কৰা হৈছে । যাতে শিশুসকলে ডিজিটেল মাধ্যম অধিক সময় ব্যৱহাৰ কৰাৰ বাবে দৃষ্টিশক্তি হ্ৰাস আদিৰ দৰে অন্য শাৰীৰিক ঋণাত্মক দিশসমূহৰ দ্বাৰা প্ৰভাৱিত নহয় সেই বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰণালয়ে ।

লগতে পঢ়কঃ: কোভিড-19 আক্ৰান্তৰ সংস্পৰ্শলৈ জীতেন্দ্ৰ সিং আৰু ৰাম মাধৱ, হোম কোৱাৰেন্টাইন

ABOUT THE AUTHOR

...view details