অসম

assam

By

Published : May 1, 2020, 11:08 PM IST

ETV Bharat / bharat

স্কুল, কলেজলৈ মানৱ সম্পদ মন্ত্ৰণালয়ৰ সাৱধানতামূলক নিৰ্দেশাৱলী

স্কুল, কলেজ খোলাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিব লাগিব বিভিন্ন সাৱধানতামূলক নিৰ্দেশাৱলী ৷ এই নিৰ্দেশ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ ৷

মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়
স্কুল, কলেজলৈ মানৱ সম্পদ মন্ত্ৰণালয়ৰ সাৱধানতামূলক নিৰ্দেশাৱলী

নেশ্যনেল ডেস্ক, 1 মে' : ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ পাঠদান পুনৰ আৰম্ভ হোৱাৰ লগে লগে অনুসৰণ কৰিব লাগিব বিভিন্ন সাৱধানতামূলক নিৰ্দেশনা ৷ শুকুৰবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ৷ এই নিৰ্দেশনাসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে শ্ৰেণীকোঠাত বহিবৰ বাবে নতুন নিয়ম, শ্ৰেণীকোঠাত বিভিন্ন সাল-সলনি, পৃথক ভোজনালয়, পুথিভঁৰাল আৰু কেন্টিনত নতুন নিয়ম প্ৰৱৰ্তন আদি ৷

উল্লেখ্য যে, COVID-19 আতংকৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে 16 মাৰ্চৰ পৰা সকলো বিশ্ববিদ্যালয় আৰু বিদ্যালয় বন্ধ ঘোষণা কৰিছিল ৷ ইয়াৰ পাচতে 24 মাৰ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল ৰাষ্ট্ৰজোৰা লকডাউন ৷

মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ মতে, যিহেতু ছাত্ৰৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজনীয় সেয়েহে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলাৰ লগে লগে সামাজিক দূৰত্ব মানি চলাটো অতিকৈ দৰকাৰী ৷

বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অধীনত বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু বিদ্যালয় শিক্ষা বিভাগৰ অধীনত বিদ্যালয়সমূহক এই নিৰ্দেশনা অনুসৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

UGC য়ে উল্লেখ কৰা অনুসৰি, নৱাগত ছাত্ৰসকলৰ ছেপ্তেম্বৰৰ পৰা আৰু অন্যান্য় ছাত্ৰসকলৰ আগষ্টৰ পৰা পাঠদান অনুষ্ঠিত হ'ব ৷ আনহাতে, বিদ্যালয়সমূহে বৰ্তমান বিভিন্ন মাধ্যমেৰে ছাত্ৰসকলক শিক্ষা প্ৰদান কৰি আহিছে ৷

এই সম্পৰ্কত মন্ত্ৰণালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, নীতি-নিৰ্দেশনাসমূহ ইতিমধ্যেই প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু অতি সোনকালেই ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব ৷

যোৱা সপ্তাহত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে ৰাজ্যিক শিক্ষা মন্ত্ৰীসকলৰ সৈতে বিদ্যালয়সমূহত সাৱধানতামূলক ব্য়ৱস্থা গ্ৰহণ সম্পৰ্কত এক বৈঠকৰ আয়োজন কৰিছিল ৷ সেই অনুসৰি, বিদ্যালয়সমূহত পুৱাৰ প্ৰাৰ্থনা বৰ্জন, খেলপথাৰত খেল-ধেমালি বন্ধ, স্কুল বাছত বিভিন্ন নিৰ্দেশাৱলী, প্ৰস্ৰাৱগাৰত গ্ৰহণ কৰিব লগা বিভিন্ন সাৱধানতা আদি উল্লেখযোগ্য ৷

ABOUT THE AUTHOR

...view details