অসম

assam

By

Published : Mar 13, 2020, 11:10 AM IST

ETV Bharat / bharat

কৰ'ণাভাইৰাছৰ ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি ?

কৰ'ণা ভাইৰাছৰ ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি উলিওৱা হৈছে ৷ জৰুৰীকালিন পৰিস্থিতিৰ বাবেই এই উপায় বিচাৰি উলিওৱা হৈছে ৷

ক'লাৰ টিউনৰ পৰা পৰিত্ৰাণৰ উপায়
কৰ'ণাভাইৰাছৰ ক'লাৰ টিউন

নিউজ ডেস্ক, 13 মাৰ্চ : এটা বিশেষ ক'লাৰ টিউনে কৰ'ণা ভাইৰাছৰ লগত জড়িত সাৱধানতাৱলী সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ কিন্তু, কিছুমান গ্ৰাহকৰ বাবে এই বাৰ্তা হৈ পৰিছে চিন্তাৰ কাৰণ,বিশেষকৈ জৰুৰীকালিন ফোন কৰাৰ সময়ত ৷ নেটৱৰ্ক অ'পাৰেটৰৰ গ্ৰাহকৰ বাবে 30 ছেকেণ্ডৰ এই অ'ডিঅ' ক্লিপ বিৰক্তিদায়ক হৈ পৰা বাবে বিচাৰি উলিওৱা হৈছে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় ৷ কিদৰে এই মেছেজৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব জানো আহক -

অ'ডিঅ' ক্লিপটো 30 ছেকেণ্ড বাজি থকাৰ ফলত জৰুৰী অৱস্থাত ফোন কৰিব নোৱাৰা বুলি গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰি আহিছে ৷ জিঅ'য়ে এই ক'লাৰ টিউন বাজি থকাৰ মাজতে ফোনকল সংযোগ কৰে যদিও অন্য নেটৱৰ্কে 30 ছেকেণ্ডলৈ বজাই ৰাখে ৷ ক'লাৰ টিউনলৈ অপেক্ষা নকৰি খৰতকীয়াকৈ ফোনৰ সংযোগ বিচাৰে যদি ইয়াৰ উপায় উলিওৱা হৈছে -

এয়াৰটেল, ভোডাফোন-আইডিয়া, জিঅ' আৰু অন্য টেলিকম অ'পাৰেটৰৰ এই মেছেজৰ পৰা পৰিত্ৰাণ লাভৰ উপায় হৈছে :

-নম্বৰ ডায়েল কৰক

-মেছেজটো আৰম্ভ হোৱালৈ অপেক্ষা কৰি 1 ত প্ৰেছ কৰক

-ইয়াৰ পাচতে প্ৰকৃত ক'লাৰ টিউন বাজি উঠাৰ লগতে ফোনকল সংযোগ হ'ব

মেছেজটো বন্ধ কৰিবৰ বাবে গ্ৰাহকে এই নিয়ম অনুসৰণ কৰিব লাগিব ৷

উল্লেখ্য যে, 30 ছেকেণ্ডৰ এই অ'ডিঅ' এলাৰ্টত এজন লোকে কাঁহি থকাৰ লগতে কৰ'ণা ভাইৰাছৰ পৰা মুক্ত হ'বৰ বাবে চাবোনেৰে হাত ধুবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ উপৰিও অধিক তথ্য সংগ্ৰহৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে হেল্পলাইন 011-23978046 ত ডায়েল কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ মেছেজৰ পৰা পৰিত্ৰাণ পাবলৈ এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে যদিও জৰুৰী সময়তহে এই উপায় অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছ আতংক : ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ

ABOUT THE AUTHOR

...view details