নিউজ ডেস্ক, 18 আগষ্ট :এফালৰ পৰা দেশক কোৰোনা মহামাৰীয়ে আক্ৰমণ কৰিছে আৰু আনফালে দেশক জুৰুলা কৰিছে প্ৰাকৃতিক দুৰ্যোগে ৷ ধাৰাষাৰ বৰষুন আৰু বানপানীয়ে ডুবাই পেলাইছে অসম, মহাৰাষ্ট্ৰ, কেৰালা, বিহাৰ আৰু দিল্লীৰ কিছু অংশ ৷ বিগত মাহত বানপানীয়ে অসমত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে ৷ চলিত মাহৰ প্ৰথম সপ্তাহত দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে ৷ বিগত 15 বৰ্ষৰ ভিতৰত অভিলেখসংখ্যক মাত্ৰ 24 ঘন্টাত 200 মিলিমিটাৰ বৰষুন হয় মুম্বাইত ৷ চলিত মাহৰ 8 তাৰিখত বৰষুনৰ ফলত কেৰালাৰ ইডুক্কি জিলাত ভয়ংকৰ ভূমিস্খলনে বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে চাহ বাগিছাৰ কৰ্মীসকলে জীৱনৰ সৈতে হাৰ মানে ৷ চলিত বাৰিষাত দেশৰ বিভিন্ন প্ৰান্তত ধন-জনৰ বিস্তৰ ক্ষতি হোৱা স্বত্বেও বানপানী ৰোধ তথা ক্ষতি ৰোধ কৰিবলৈ কোনো আগতীয়া সাৱধানতা গ্ৰহণ নকৰাটো অতিকে চিন্তনীয় ৷
এক বাৰ্ষিক ৰীতি !
বিগত সময়ত বানপানী প্ৰতিৰোধ ব্যৱস্থা একমাত্ৰ গ্ৰামাঞ্চললৈ সীমিত আছিল ৷ দৰাচলতে বিপদসীমাৰ ওপৰেৰে বোৱা নদীৰ ফলত হোৱা ক্ষতিৰ পৰিমান গাঁও আৰু নগৰ অঞ্চলত ভেদ আছে ৷ ক্ষীপ্ৰ নগৰীকৰণে বৰষুনৰ পানীৰ সাধাৰণ গতিপথ সলনি কৰিছে, একমাত্ৰ অনৈতিক আন্তঃগাঁথনি আৰু অবিবেচক পৰিকল্পনাই পানীৰ প্ৰাকৃতিক গতিপথ সলনি কৰাৰ ফলত ৷ যেতিয়াই অধিক বৰষুন অথবা ডাৱৰ বিস্ফোৰণ হয়, তেতিয়া বানপানীৰ সীমা আঠগুণে বৃদ্ধি পায়, যাৰ ফলত পানীৰ পৰিমান ছগুনে বৃদ্ধি হৈ নিম্ন অঞ্চলত দীৰ্ঘদিনলৈ আৱদ্ধ হৈ থাকে ৷ এয়া হৈছে মুম্বাই, কেৰালা আৰু দিল্লীৰ শেহতীয়া বানপানীৰ একমাত্ৰ কাৰণ ৷
নগৰীয়া অঞ্চলত হোৱা বানপানীৰ ফলত হোৱা ভয়াৱহ দুৰ্যোগ বৰ্তমানে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ অসমৰ শেহতীয়া বানপানীত বৃহৎ হাৰে চিকিৎসালয়ৰ আৱৰ্জনা, পেলাই দিয়া পিপিই কীট আৰু কোভিড-আৰোগ্য কেন্দ্ৰৰ আৱৰ্জনাসমূহ জলমগ্ন অঞ্চললৈ বোৱাই অনাৰ ফলত সেইসমূহ অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ মেট্ৰপলিটান অঞ্চলত হোৱা বানপানীৰ প্ৰধান কাৰণ হৈছে, শতিকা পুৰনি নলা ব্যৱস্থা আৰু ইয়াৰ পয়ালগা মেৰামতি অৱস্থা ৷ বোকা তথা আৱৰ্জনাসমূহ চাফা নকৰাৰ ফলত নলাৰ পাইপত সেইসমূহ জমা হৈ আৱৰ্জনা আৰু অন্যান্য সামগ্ৰীৰে সাধাৰণ বৰষুন হ'লেই সময়ত বাট-পথকে ধৰি অন্য অঞ্চলসমূহ বানপানীৰে ভৰি পৰে ৷ নগৰত হোৱা বানপানীৰ আন এক কাৰণ হৈছে অনৈতিক নিৰ্মাণ ৷ এইসমূহ অনৈতিক আৰ্হিয়ে দেশৰ প্ৰধান চহৰ তথা নগৰত বৰষুনৰ পানী বৈ যোৱাত বাধা প্ৰদান কৰা মুখ্য কাৰণ হৈ পৰিছে ৷ ক্ষীপ্ৰ নগৰীকৰণ আৰু নীতিবৰ্হিভূত নিৰ্মাণ, জলাশয় তথা পানীৰ উৎস অধিগ্ৰহণ, নলাৰ সীমিত নিয়ন্ত্ৰণ ব্যৱস্থাৰ ভয়ংকৰ প্ৰভাৱ দেখা গৈছে ৷ ইয়ে পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷