অসম

assam

By

Published : Feb 13, 2020, 12:32 PM IST

ETV Bharat / bharat

ভাৰতৰ মহানগৰসমূহ কেনেদৰে পুনৰুজ্জীৱিত কৰিব পাৰি !

চৰকাৰে অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছনৰ অগ্ৰগতিৰ সন্দৰ্ভত এক অন্তৰ্ৱতীকালীন প্ৰতিবেদন প্ৰকাশ কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, শেহতীয়া অৰ্থনৈতিক সমীক্ষাই উন্মোচন কৰা মতে মুঠ ২ লাখ কোটি ব্যয় কৰা ৫১৫১ টা প্ৰকল্প অগ্ৰগতিৰ বিভিন্ন পৰ্যায়ত আছে । এশখন স্মাৰ্ট চিটীত প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ ব্যৱস্থা, পৰামৰ্শ সমিতি আৰু ব্যৱস্থাপনা বিশেষজ্ঞ জড়িত কৰোৱা হৈছে বুলি কোৱা হৈছে যদিও বাস্তৱ ছবিখন অতিশয় হতাশাজানক । ২০১৯ চনৰ ১৪ নৱেম্বৰলৈকে ২২৫৬৯ কোটিটকীয়া ১২৯০ টা প্ৰকল্পহে(প্ৰায় ১১শতাংশ) সম্পূৰ্ণ হৈছে আৰু বাকী প্ৰকল্পসমূহ তেনেই চালুকীয়া অৱস্থাত আছে ।

ভাৰতৰ মহানগৰসমূহ
ভাৰতৰ মহানগৰসমূহ

বিশ্বৰ বাসোপযোগী মহানগৰসমূহৰ এখন তালিকাত ১৪০ খন দেশৰ ভিতৰত দেশৰ ৰাজধানী নতুন দিল্লীয়ে ১১৮ নং স্থান লাভ কৰাৰ লগতে বিত্তীয় ৰাজধানী মুম্বাইৰ স্থান ১১৯ । যিসময়ত আন্তঃৰাষ্ট্ৰীয় অধ্যয়নসমূহৰ মতে মহানগৰসমূহে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি কৈ অহা হৈছে তেনে সময়তে ভাৰতবৰ্ষৰ মহানগৰসমূহ প্ৰতিদিনে তথৈবচ হৈ পৰিছে । এই সংকট দূৰ কৰাৰ উদ্দেশ্যে দেশজুৰি বহু স্মাৰ্ট চিটী নিৰ্মাণ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছন হাতত লৈছে । পৰ্যায়ক্ৰমে এই আঁচনি কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰই এশখন চহৰ নিৰ্বাচন কৰিছে । যদিও চৰকাৰে অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছনৰ অগ্ৰগতিৰ সন্দৰ্ভত এক অন্তৰ্ৱতীকালীন প্ৰতিবেদন প্ৰকাশ কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, শেহতীয়া অৰ্থনৈতিক সমীক্ষাই উন্মোচন কৰা মতে মুঠ ২ লাখ কোটি ব্যয় কৰা ৫১৫১ টা প্ৰকল্প অগ্ৰগতিৰ বিভিন্ন পৰ্যায়ত আছে ।

মুম্বাই চহৰৰ এক দৃশ্য
চিমলা চহৰৰ দৃশ্য

এশখন স্মাৰ্ট চিটীত প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ ব্যৱস্থা, পৰামৰ্শ সমিতি আৰু ব্যৱস্থাপনা বিশেষজ্ঞ জড়িত কৰোৱা হৈছে বুলি কোৱা হৈছে যদিও বাস্তৱ ছবিখন অতিশয় হতাশাজানক । ২০১৯ চনৰ ১৪ নৱেম্বৰলৈকে ২২৫৬৯ কোটিটকীয়া ১২৯০ টা প্ৰকল্পহে(প্ৰায় ১১শতাংশ) সম্পূৰ্ণ হৈছে আৰু বাকী প্ৰকল্পসমূহ তেনেই চালুকীয়া অৱস্থাত আছে । চৰকাৰে কোৱা অনুসৰি শীৰ্ষ ২০খন চহৰৰ ভিতৰত আহমেদাবাদ আৰু অমৰাৱতীয়ে ভাল অগ্ৰগতি দেখুৱাবলৈ সক্ষম হৈছে । কিন্তু প্ৰদৰ্শনত তলৰ পৰা শীৰ্ষ ২০ খন চহৰৰ তালিকাত থকা চিমলা,চণ্ডীগৰ আদিয়ে কাম কৰিবলৈ বহু বাকী আছে । যিহেতু বায়ু প্ৰদূষণ আৰু বিষাক্ত বায়ুয়ে দিল্লীক অৱৰুদ্ধ কৰি তুলিছে, চৰকাৰে স্থানীয় প্ৰয়োজনক প্ৰাধান্য দি পৰিকল্পনা গ্ৰহণ কৰিব লাগে ।

ৰাজধানী চহৰ দিল্লীৰ দৃশ্য

দিল্লীৰ বায়ুৰ মান এনেএক বিষাক্ত পৰ্যায় লাভ কৰিছিল যে কেন্দ্ৰই জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে । বায়ুৰ মানৰ সূচকাংকৰ ফালৰ পৰা পৃথিৱীৰ অতিকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত দিল্লী আছে । আন এক আশ্চৰ্যকৰ তথ্য হৈছে যে ভাৰতৰ জনসংখ্যাৰ ৭৬ শতাংশ লোকে এনে এক অঞ্চলত বাস কৰে য’ত বায়ুৰ মান নিম্ন । বায়ু প্ৰদূষণৰ ভয়াৱহতা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই শেহতীয়া কেন্দ্ৰীয় বাজেটত ৪৪০০ কোটি টকা আৱণ্টন দিছে । পৰিৱেশ উন্নয়ন প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সীমিত বিত্তীয় সম্পদ অন্যতম মূল প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈ অহাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত চহৰসমূহৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে । অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছন ৰূপায়ণৰ বাবে পাঁচ বছৰৰ কেন্দ্ৰীয় বাজেট ৪৮০০০ কোটি টকা । যদি পাঁচ বছৰৰ ভিতৰত প্ৰতিখন স্মাৰ্ট চিটীৰ বাবে বছৰি এশকোটি টকা ব্যয় কৰা হয়, তেন্তে স্থানীয় চৰকাৰেও তাৰ বাবে অৱদান আগবঢ়াব লাগিব । এনে পদক্ষেপৰ দ্বাৰাই চৰকাৰে প্ৰতিখন চহৰকে স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ পৰকল্পনা গ্ৰহণ কৰিছে । অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছনক স্বচ্ছ ভাৰত, স্কিল ইণ্ডিয়া আৰু আবাস যোজনাৰ সৈতে সংলগ্ন কৰি চৰকাৰে এক চমকপ্ৰদ ফলাফল আশা কৰিছে । যদিও চৰকাৰে যুক্তৰাষ্ট্ৰীয়তাবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, আঁচনি ৰূপায়ণৰ প্ৰাথমিক পাঁচ বছৰৰ পাছতো কোনো এখন প্ৰস্তাৱিত চহৰতে কোনো অগ্ৰগতি নাই ।

বাংগালুৰু চহৰৰ এক দৃশ্য

২০১১ চনৰ লোকপিয়ল অনুসৰি, ভাৰতৰ জনসংখ্যাৰ ৩১ শতাংশ চহৰৰ বাসিন্দা । এই ৩১ শতাংশই দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰতি ৬৩ শতাংশ অৱদান আগবঢ়ায় । অনুমান কৰা হৈছে যে ২০৩০ ৰ ভিতৰত মুঠ জনসংখ্যাৰ ৪০শতাংশই চহৰৰ বাসিন্দা হ’ব আৰু মুঠ ঘৰুৱা উৎপাদনৰ দুই তৃতীয়াংশ অৱদান আগবঢ়াব । চহৰসমূহৰ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে প্ৰাথমিক সুবিধা, আন্তঃগাঁথনি, ডিজিটেল সেৱা, উন্নত ৰাজহুৱা পৰিবহন সেৱা আৰু আনন্দদায়ক ৰাজহুৱা স্থান সৃষ্টি কৰাৰ উদ্দেশ্যে অটল নৱীকৰণ আৰু নগৰ পৰিৱৰ্তন মিছন আৰম্ভ কৰা হৈছিল । ২০১৭-১৮ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাই প্ৰকাশ কৰা অনুসৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষই ২০৪০ চনৰ ভিতৰত ৪.৫ লাখ কোটি আমেৰিকান ডলাৰ ব্যয় কৰিব লাগিব । ইয়াৰে অধিকাংশ ব্যয় কৰিব লাগিব একমাত্ৰ চহৰসমূহতহে । কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছে যে বিগত ১০ বছৰত চহৰীয়া জনসংখ্যাৰ প্ৰব্ৰজনৰ বাবে সাজু হ’বলৈ প্ৰতি বছৰে চিকাগোৰ দৰে একোখন চহৰ গঢ়ি তুলিব লাগিব ।

চণ্ডীগড় চহৰ

সামগ্ৰিক উন্নয়নমুখী প্ৰকল্প অবিহনে আমি চহৰসমূহৰ সম্পূৰ্ণ পৰিৱৰ্তন আশা কৰিব নোৱাৰো । অকল গাইগুটীয়া আঁচনিৰ জৰিয়তে প্ৰাথমিক আন্তঃগাঁথনিৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰিব পৰা নাযাব । প্ৰকাশ পোৱা মতে প্ৰকল্পসমূহৰ ৮০ শতাংশ পুঁজিয়েই আঞ্চলিক উন্নয়ন প্ৰকল্পত ব্যয় কৰা হৈছে যাৰ দ্বাৰা মুঠ জনসংখ্যাৰ মাত্ৰ পাঁচ শতাংশহে উপকৃত হৈছে । চহৰলৈ অনিয়ন্ত্ৰিত প্ৰব্ৰজনৰ ফলচ ভাৰতৰ চহৰ-মহানগৰসমূত উশাহ বন্ধ হোৱাৰ দৰে উপক্ৰম ঘটিছে । ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি মন দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে নীতি আৰু আঁচনি গ্ৰহণ কৰিব লাগে । কোনো এখন চহৰৰ উন্নয়নৰ ক্ষেত্ৰত বিশুদ্ধ বতাহ, পানী, সঠিক অনাময় সেৱা, স্বাস্থ্য সেৱা, শিক্ষা আৰু যাতায়ক প্ৰাধান্য দিব লাগে ।

ABOUT THE AUTHOR

...view details