অসম

assam

By

Published : Jan 27, 2021, 10:18 AM IST

ETV Bharat / bharat

গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

দেশৰ কৃষক সকলে দুমাহ ধৰি প্ৰস্তাৱিত কৃষি আইনৰ বিৰোধিতাৰে শান্তি পূৰ্ণভাৱে সীমান্তত প্ৰতিবাদ কৰি অহাৰ পাচতে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক পৰিৱেশৰ সৃষ্টি হয় লালকিল্লাৰ চৌহদত ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী ফালি লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰে কৃষক সকলে ৷

গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ
গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী:বিগত বছৰৰ শেষৰ ভাগৰ পৰা প্ৰস্তাৱিত কৃষি আইনৰ বিৰোধিতাৰে দেশৰ কৃষক সকলে দুমাহ ধৰি শান্তি পূৰ্ণভাৱে সীমান্তত প্ৰতিবাদ কৰি আহিছিল ৷ কিন্তু মঙলবাৰে গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰে লালকিল্লাৰ চৌহদ ৷ কৃষক সকলে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে হিংসাত্মক হৈ পৰে সমগ্ৰ পৰিৱেশ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী ফালি দিনৰ 1 বজাত লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰে কৃষক সকলে ৷ আৰক্ষী প্ৰশাসনে কৃষক সকলক বাধা প্ৰদান কৰিছিল যদিও ৰখাব নোৱাৰিলে ৷ যাৰ ফলত অধিক হিংসাত্মক হৈ পৰে পৰিৱেশ ৷

জয় জোৱান,জয় কিষান শ্ল'গান দি দেশৰ হাজাৰ হাজাৰ কৃষকে ৰাজধানীত উপস্থিত হয় ৷ আৰক্ষীৰ বাধা নেওচি বেৰিকেড ভাঙি লালকিল্লাত উপস্থিত হোৱাত আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ কৃষক সকলক সেই স্থানৰ পৰা আঁতৰাই পঠিয়াবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও দুই পক্ষৰ মাজত সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছিল ৷ নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিস্থিতিক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও কৃষক সকলে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল ৷ বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰী কৃষক সকলে ৷ পৰিস্থিতি অতি ভয়ংকৰ হোৱাত অতিৰিক্ত সেনা মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে চৰকাৰে ৷

উল্লেখ্য যে,এই হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে দেশৰ বহু কৃষক সংগঠনৰ লগতে আন সংগঠন সমূহে ৷ এক বিবৃতিত কৃষাণ মৰ্চাই কয় যে, এই ঘটনাৰ বাবে আমি বৰ লজ্জিত ৷ হিংসাত্মক কাৰ্য আমাৰ কাম্য নহয় ৷ ইয়াৰ লগতে কৃষক সংঘইয়ো হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি কয় যে,এই ঘটনা অতি নিন্দনীয় আৰু অবাঞ্ছিত ৷

লগতে পঢ়ক:এগৰাকী পাঞ্জাৱী অভিনেতাই লালকিল্লাত কৃষক ইউনিয়নৰ পতাকা উত্তোলনৰ লাইভ ভিডিঅ’ কৰিছিল

ABOUT THE AUTHOR

...view details