অসম

assam

বৈদ্যুতিক বাহন উৎপাদনৰ ক্ষেত্ৰত ষ্টীলে ভাৰতৰ গোলকীয় মাৰ্গ প্ৰশস্ত কৰিব

By

Published : Jan 26, 2020, 9:21 PM IST

এই নিবন্ধত শান্তনু ৰায়ে ব্যখ্যা কৰিছে যে, কেনেদৰে দেশীয় ষ্টীল উদ্যোগৰ শক্তিয়ে ভাৰতক বৈদ্যুতিক যান বাহন উৎপাদনৰ ক্ষেত্ৰত এক গোলকীয় কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব ৷

ভাৰতৰ গোলকীয় মাৰ্গ
ভাৰতৰ গোলকীয় মাৰ্গ

নিউজ ডেস্ক, 26 জানুৱাৰীঃক্ৰমবৰ্ধমান পাৰিৱেশিক চিন্তাৰ লগতে আমি ক্ৰমান্বয়ে বৈদ্যুতিক যানবাহন/শূণ্য নিৰ্গমন যান বাহনবোৰ ব্যৱহাৰ কৰিম ৷ 2019 বৰ্ষত বৈদ্যুতিক যানবাহন বাবে এক ধনাত্মক প্ৰতিক্ৰিয়া আৰু 2020 বৰ্ষৰ বাবে বৃহৎ অ'টোমোবাইল সংস্থাৰ পৰিকল্পনাই ইমগিত বহন কৰে যে, ভাৰতীয় বৈদ্যুতিক যানবাহনৰ বজাৰত চাহিদা আৰু সৰবৰাহৰ কোনো সমস্যা নাথাকে ৷ কিন্তু আচল প্ৰশ্ন হ'ল যে, ভাৰতে ইয়াক লৈ যুদ্ধ কৰা উচিত নেকি?

অ'টোমোবাইল উদ্যোগৰ পৰিৱৰ্তনশীলতাই আমাৰ বাবে এটি মূল্যবান সুযোগ উপস্থাপন কৰে ৷ যদি দেশীয় ষ্টীল উদ্যোগত এক উন্নত হাৰত বিনিয়োগ কৰিব পৰা যায় তেন্তে ভাৰত বিশ্বব্যাপী এক বৈদ্যুতিক বাহন নিৰ্মাণৰ থল হৈ পৰিব ৷ এক সাম্প্ৰতিক প্ৰতিবেদন অনুসৰি, মৰ্গান ষ্টেনলিয়ে ইংগিত দিছে যে, 2030 বৰ্ষত ভাৰত আৰু চীনে বৈদ্যুতিক বাহন গ্ৰহণেৰে বিশ্বক নেতৃত্ব প্ৰদান কৰিব ৷

লিথিয়ামৰ বাহিৰে, বৈদ্যুতিক বাহনৰ বাবে নতুন তেল অন্য এক মহত্বপূৰ্ণ অন্তৰ্ভুক্তি যিয়ে মালিকীস্বত্বৰ মোটা ব্যয় হ্ৰাস কৰিব, স্থায়িত্ব প্ৰদান কৰিব, ড্ৰাইভিঙৰ পৰিধি বৃদ্ধি কৰিব, নিৰাপত্তাৰ লগত বঢ়া টুটা নকৰাকৈ গাড়ীৰ ওজনো কমাব ৷ ইয়াত ব্যৱহৃত সামগ্ৰী ষ্টীলৰ হ'ব আৰু বিশেষ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ এক উন্নত উচ্চ শক্তিসম্পন্ন ষ্টীল আৰু ইলেকেট্ৰিক ষ্টীল হ'ব ৷

যিহেতু আমি লিথিয়ামৰ সংৰক্ষণৰ বিষয়ে নাজানো, সেয়ে আমি আমদানিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ৷ ইয়াৰ পৰিৱৰ্তে আমি আমাৰ ঘৰুৱা ষ্টীলৰ ক্ষেত্ৰৰ ক্ষমতাৰ লাভ উঠাই মূল্য শৃঙ্খলাৰ অন্য মহত্বপূৰ্ণ অংশ সমূহ আয়ত্ব কৰিব পাৰিম ৷ 2018-19 বৰ্ষত 106.54 মিলিয়ন টন তৰল ষ্টীল উৎপাদন সামগ্ৰিক পণ্য মিশ্ৰণত মূল্যযুক্ত ষ্টীলৰ 8-10% কম ৷ ই ঘৰুৱা উচ্চ উৎপাদন বৃদ্ধিৰ এক প্ৰধান প্ৰতিবন্ধক, যাৰ ফলস্বৰুপে ব্যয় অৰ্জন কৰা আমাৰ দক্ষতা হ্ৰাস পাব ৷

উৎপাদকসকলক ৰাজ সাহাৰ্য প্ৰদান কৰিব লাগে, যি উৎপাদিত মূল্য ষ্টীলৰ পৰিমাণৰ অনুৰূপ হয় ৷ আমদানিকৃত যন্ত্ৰপাতিত আমদানি ৰাজসাহাৰ্য প্ৰদান কৰাৰ লগতে মূল্য শৃঙ্খলাত কৰৰ যুক্তিকৰণেও এই ক্ষেত্ৰক যথেষ্ট বৃদ্ধি প্ৰদান কৰিব ৷

মুঠতে সঠিক সময়ত সঠিক সংস্কাৰে ভাৰতক এক বিশ্বব্যাপী বৈদ্যুতিক বাহন উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব ৷

উপৰোক্ত বিষয় সমূহ প্ৰকাশ কৰে সামগ্ৰী প্ৰযুক্তিবিদ তথা NITI আয়োগৰ পৰামৰ্শদাতা শান্তনু ৰায়ে ৷

লগতে পঢ়ক ঃবুৰহান ৱানীৰ এনকাউন্টাৰত অংশগ্ৰহণ কৰা সৈন্য বিষয়ালৈ শৌৰ্য বঁটা

ABOUT THE AUTHOR

...view details