ভাৰতবৰ্ষই এতিয়া আনলক ২.০ত প্ৰৱেশ কৰিছে । কিন্তু পুষ্টিৰ ওপৰত কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আগন্তুক বছৰসমূহত অব্যাহত থাকিব । ২৪ মাৰ্চৰ পৰা ৩১ মে’লৈকে চলা লক ডাউনৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুষ্টিকৰ খাদ্য যোগান ধৰা বিভিন্ন আঁচনি বাধাগ্ৰস্ত হৈছে । এই আঁচনিসমূহ এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’বলৈ বাকী । পুষ্টিৰ অভাৱে কিছুসংখ্যক লোকক অধিক ক্ষতিগ্ৰস্ত কৰিব । যেনে ধৰক—গৰ্ভৱতী মহিলা আৰু দুবছৰৰ তলৰ বয়সৰ শিশুসকল । এই বয়সত পুষ্টিৰ অভাৱ ঘটিলে বোধশক্তিৰ বাধাগ্ৰস্ততা,ভগ্ন স্বাস্থ্য আৰু ৰক্তহীনতকে ধৰি সমগ্ৰ জীৱনজুৰি বৰ্তি থকা সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
ভাৰত চৰকাৰৰ সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) হৈছে শিশুৰ বিকাশৰ উদ্দেশ্যে মৌলিক শিক্ষা,স্বাস্থ্য আৰু পুষ্টি প্ৰদান কৰা এক বিশাল আঁচনি । প্ৰতিখন গাঁৱতে থকা অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰা হয় । অংগনৱাড়ী কেন্দ্ৰসমূহ চলায় অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই । ২০১৯ চনৰ জুনলৈকে ভাৰতত মুঠ ১৩.৭৮ লাখ অংগনৱাড়ী কেন্দ্ৰ থকাৰ লগতে ১২.২১ লাখ অংগনৱাড়ী কৰ্মী আৰু ১১.৮২ লাখ সহায়িকা আছে ।
বিগত ৪৫ বছৰৰ পৰা চলি অহা এই আঁচনিখন ভাৰতৰ পুষ্টিকৰ খাদ্য প্ৰদানৰ প্ৰচেষ্টাৰ মেৰুদণ্ড স্বৰূপ হৈ পৰিছে ।
চেণ্টাৰ ফৰ্ পলিচী ৰিচাৰ্ছৰ একাউণ্টেবিলিটী ইনিচিয়েটিভত আমি বিগত এটা দশকে আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰি আহিছোঁ আৰু কোভিড-১৯ ৰ পূ্ৰ্বতেই থকা আঁসোৱাহসমূহ লক্ষ্য কৰি আহিছো। অতিমাৰীৰ সংকটৰ ফলত এই আঁসোৱাহসমূহৰ মাত্ৰা অধিক বৃদ্ধি পাব ।
প্ৰথম সমস্যাটো হ’ল ই সাঙুৰি লোৱা লোকৰ সংখ্যা পৰ্যাপ্ত নহয় । আই চি ডি এছ এক সাৰ্বজনীন আঁচনি যাৰ অৰ্থ এয়ে যে সকলো গৰ্ভৱতী মহিলা, দুগ্ধদাত্ৰী মাতৃ, ছয় মাহৰ পৰা ছয় বছৰ বয়সৰ শিশুসকল এই সেৱাৰ বাবে যোগ্য । ২০১৯ চনৰ জুনলৈকে আই চি ডি এছৰ পৰা ৮.৩৬ কোটি লোকে ৰন্ধা গৰম আহাৰ (এইচ চি এম) বা ঘৰলৈ নিয়া ৰেচন (ইতিমধ্যে ৰন্ধা খাদ্য বা ৰেচন যেনে দাইল)লাভ কৰিছে । দেখিবলৈ এয়া বহু লোকৰ সংখ্যা যেন লাগিলেও যিসকল শিশুৱে (ছয় মাহৰ পৰা ছয় বছৰৰ ভিতৰৰ) লাভ কৰিব লাগে আৰু যিসকলে লাভ কৰিছে তাৰ মাজৰ সংখ্যাৰ প্ৰতি মন দিওঁ তেন্তে প্ৰভেদ বহু দেখা পাম । ২০১৯ চনত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আধাতকৈ কম যোগ্য শিশুৱে আই চি ডি এছৰ পৰা এনেধৰণৰ পুষ্টিকৰ খাদ্য লাভ কৰিছে ।
তদুপৰি যাৰ বাবে এই খাদ্য প্ৰদান কৰা হয় তেওঁলোকে সেয়া খাবলৈ পায়নে নাপায় সেয়াও আন এক চিন্তাৰ বিষয় । উদাহৰণ স্বৰূপে ৰান্ধি দিয়া খাদ্যবোৰ অধিকাংশ সময়তে পৰিয়ালৰ আটাইকেইজন সদস্যই খায় । বিশেষকৈ গৰ্ভৱতী মহিলা আৰু মাতৃক প্ৰদান কৰা খাদ্যসমূহৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় । ইাৰ অৰ্থ এয়ে যে আঁচনিখনৰ উদ্দেশ্য অনুসৰি পাবলগীয়া পুষ্টিৰ যোগান তেওঁলোকে লাভ নকৰে ।
অতিমাৰী আৰু লক ডাউনৰ ফলত অংগনৱাড়ী কেন্দ্ৰবোৰো সাময়িকভাৱে বন্ধ আছে । যিহেতু বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকে ঘৰলৈ উভতিছে গতিকে এতিয়া অধিক পৰিয়ালক পুষ্টিকৰ খাদ্য আৰু প্ৰাথমিক শিক্ষাৰ প্ৰয়োজন হ’ব। অংগনৱাড়ী কেন্দ্ৰসমূহে নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সাজু কৰিব লাগিব আৰু সামাজিক দূৰত্ব আৰু আন নিয়মসমূহ মানিব লাগিব । এই সকলোবোৰৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব । যিহেতু মানুহৰ জীৱিকাৰ প্ৰতি সংকট আহিছে আৰু উপাৰ্জান বাধাগ্ৰস্ত হৈছে গতিকে দৈনিক খাদ্য লাভ কৰাটো সমস্যা হিচাপে থিয় দিছে । গৰ্ভৱতী মহিলা আৰু মাতৃসকলে পুষ্টিকৰ খাদ্য লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ।
তদুপৰি অংগনৱাড়ী কেন্দ্ৰসমূহ কৰ্মী আৰু আন কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰে । কাউন্সেলিং, মাতৃত্বৰ যত্ন, শিশুৰ প্ৰাথমিক শিক্ষা আদিৰ দায়িত্বও তেওঁলোকৰ ওপৰত ন্যস্ত থাকে ।দুৰ্ভাগ্যজনকভাৱে যিহেতু তেওঁলোকক আই চি ডি এছৰ অধীনত স্বেচ্ছাসেৱিকা আৰু ঠিকাভিত্তিক কৰ্মী হিচাপে গণ্য কৰা হয়, সেয়ে তেওঁলোকে এটা স্থায়ী দৰমহা লাভ নকৰে । অধিকাংশ ৰাজ্যতে দক্ষ চৰকাৰী কৰ্মীয়ে পাবলগীয়া পাৰিশ্ৰমিকতকৈ অতি কম পাৰিশ্ৰমিক তেওঁলোকে লাভ কৰে । ২০১৮ চনৰ অক্টোবৰত প্ৰায় ৮ বছৰৰ পাছত অংগনৱাড়ী কৰ্মী বাবে তিনি হাজাৰ টকাৰ ঠাইত ৪৫০০ টকা পাৰিতোষিক হৈছিল । সহায়িকাৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২২৫০ টকালৈ বৃদ্ধি কৰা হৈছিল । এনেদৰে বৃদ্ধি কৰা সত্বেও তেওঁলোকৰ পাৰিশ্ৰমিক অতিশয় কম হৈ আছে । এই পাৰিশ্ৰমিকখিনিও তেওঁলোকক সময়মতে নিদিয়াৰ বহু উদাহৰণ আছে । যাৰ ফলত বিহাৰ,ঝাৰখণ্ড আদি ৰাজ্যত তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে ।
ক’ভিড-১৯ কালত এইসকল কৰ’ণা যোদ্ধাই ঘৰে ঘৰে গৈ সজাগতা বৃদ্ধি আৰু ছাৰ্ভে চলাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড-১৯ বিৰোধী নিয়মতে অংগনৱাড়ী কৰ্মীসকলৰ ওপৰত সজাগতা সৃষ্টি আৰু লক্ষণ চিনাক্তকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্বৰ ভাৰ অৰ্পণ কৰা হৈছে । আমি এই অভিজ্ঞতাৰ বিষয়ে তেওঁলোকৰ কিছুসংখ্যকৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া তেওঁলোকে ইয়াৰ মাজতো নিয়মীয়া কামসমূহ কৰি যোৱাৰ লগতে সুবিধাৰ অভাৱৰ কথা ব্যক্ত কৰিছিল । এনে পৰিস্থিতিত আই চি ডি এছৰ অধীনত পুষ্টি যোগান আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত দিবলগীয়া গুৰুত্ব তেওঁলোকে দিব নোৱাৰিব পাৰে । যিহেতু ৰাজ্যসমূহৰ ৰাজহ সংগ্ৰহ হ্ৰাস পাইছে,গতিকে আন জৰুৰীকালীন প্ৰয়োজন যেনে হাস্পতালৰ বিছনা,চিকিৎসাৰ সুৰক্ষাজনিত সামগ্ৰী, ৰেচনৰ ক্ষেত্ৰত ৰাজহৰ ধন খৰচ কৰিব পাৰে ।
কিদৰে এই সমস্যা সমাধান কৰিব পৰা যাব ?