অসম

assam

বিকাশ ডুবেৰ মৃত্যুৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত কি আবেদন দাখিল কৰিছিল?

By

Published : Jul 10, 2020, 1:27 PM IST

কাণপুৰ এনকাউণ্টাৰ মূল অভিযুক্ত বিকাশ ডুবেৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হোৱা কিছু ঘণ্টা পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ওচৰত জনহিতাৰ্থে আৱেদন দাখিল কৰে অধিবক্তা ধনশ্যাম উপাধ্যায়ে । য'ত বিকাশ ডুবেক সুৰক্ষা প্ৰদান নকৰিলে হত্যা কৰা হ'ব বুলি উল্লেখ কৰি উত্তৰ প্ৰদেশ চৰকাৰক বিকাশ ডুবেৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অনুৰোধ জনোৱা হয় ।

বিকাশ ডুবে
বিকাশ ডুবে

নিউজ ডেস্ক, ১০ জুলাইঃ কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ সুৰক্ষা নিশ্চিন্ত কৰিবলৈ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ ওচৰত আবেদন দাখিল কৰে অধিবক্তা ধনশ্যাম উপাধ্যায়ে । আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত যাতে বিকাশ ডুবেৰ মৃত্যু নহয় সেই সন্দৰ্ভতে আবেদন দাখিল কৰে অধিবক্তা ধনশ্যাম উপাধ্যায়ে ।

বিকাশ ডুবেৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে অপৰাধী গৰাকীৰ সুৰক্ষা বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

আবেদনত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ দ্বাৰা বিকাশ ডুবেসহ অন্য অভিযুক্তসকলক উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ হত্যা কৰাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে। লগতে আবেদনত আৱাসিক ভৱন,শ্বপিং মল,ব্যয়বহুল যান-বাহন তথা বিকাশ ডুবেৰ সম্পত্তি ধ্বংস কৰাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনোৱা হয়।

আনহাতে,ইতিমধ্যে আৰক্ষীৰ গুলীত নিহত হয় অপৰাধী বিকাশ ডুবে ৷ উল্লেখ্য যে,শুকুৰবাৰে পুৱা অপৰাধী বিকাশ ডুবেক কঢ়িয়াই নিয়া উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চৰ (STF) গাড়ীৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ পাচতে পলায়নৰ চেষ্টা কৰে ডুবে ৷ যাৰ ফলত আৰক্ষীৰ সৈতে গুলিয়াগুলীত ডুবেৰ মৃত্যু হয় বুলি সদৰি কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে,বিক্ৰু গাঁৱৰ বাসিন্দা বিকাশ ডুবেৰ বিৰুদ্ধে 60 টাকৈ অপৰাধমূলক গোচৰ ৰুজু আছে ৷ হত্যা,ডকাইতি,অপহৰণকে ধৰি 2001 চনত বিজেপি নেতা সন্তোষ শুক্লাক শিৱলি আৰক্ষী থানাত হত্যা কৰাৰ গোচৰ আছে বিকাশ ডুবেৰ বিৰুদ্ধে ৷ কিন্তু কোনো সাক্ষ্য প্ৰমাণ নথকাৰ বাবে সেই সময়ত তেওঁক জিলা আদালতে মুক্তি দিয়ে বিকাশ ডুবেক ।

লগতে চাওকঃ দ্বিতীয়টো বানৰ কবলত গহপুৰ সমষ্টি

ABOUT THE AUTHOR

...view details