অসম

assam

পূৱ-লাডাখত উত্তেজনা শাম কটাক লৈ আশাবাদী সেনা প্ৰধান

By

Published : Nov 11, 2020, 10:59 AM IST

সূত্ৰ অনুসৰি পূৱ লাডাখত অব্যাহত উত্তেজনাক লৈ ভাৰত আৰু চীন পুনৰ এক আলোচনাত মিলিত হ'ব ৷ পূব লাডাখত অব্যাহত উত্তেজনাৰ শাম কাটিব বুলি আশা কৰিছে সেনা প্ৰধান এম এম নাৰ্ভানে ৷ অষ্টম লানি ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি দুয়ো পক্ষই গঠনমূলক আলোচনা আগবঢ়াই নিয়াৰ বাবে সন্মতি প্ৰদান কৰিছে ৷

পূৱ-লাডাখত উত্তেজনা শাম কটাক লৈ আশাবাদী সেনা প্ৰধান
পূৱ-লাডাখত উত্তেজনা শাম কটাক লৈ আশাবাদী সেনা প্ৰধান

নতুন দিল্লী , 11 নৱেম্বৰ:সেনা প্ৰধান জেনেৰেল এম এম নাৰ্ভানে মঙলবাৰে এক মন্তব্য কৰি কয় যে পূৱ লাডাখত অব্যাহত উত্তেজনাৰ কিছু শাম কাটিব বুলি তেওঁ আশাবাদী ৷ সেনা প্ৰধান গৰাকীয়ে কয় যে পূব লাডাখত উত্তেজনা শাম কটোৱাৰ বাবে ভাৰত আৰু চীনা এক চুক্তিত উপনীত হ'ব ৷ এখন চেমিনাৰত উপস্থিত থাকি সেনা প্ৰধান গৰাকীয়ে কয় যে ভাৰত আৰু চীনৰ শীৰ্ষ সামৰিক বিষয়া সকলে পূৱ লাডাখত পৰিস্থিতি শান্ত কৰাৰ বাবে আলোচনা অব্যাহত ৰাখিছে ৷

তেওঁ কয় , "ব্যাপক নীতি নিৰ্দেশনা ৰ সৈতে আমি পাৰস্পৰিক ভাৱে গ্ৰহণযোগ্য তথা লাভজনক এক চুক্তিত উপনীত হ'ব পাৰিম বুলি আশাবাদী ৷" আৰ্মী ষ্টাফৰ প্ৰধান গৰাকীয়ে লগতে ইয়াকো কয় যে পূৱ লাডাখৰ পৰিস্থিতি বৰ্তমান যথেষ্ট স্থিৰ ৷

দীৰ্ঘদিনৰ পৰা চলি থকা পূব লাডাখৰ পৰা সেনা বিতাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত লোৱা কিছু প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজত পুনৰ অন্য এলানি আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা অষ্টম লানি ক'ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত দুয়ো ফালৰে বিশেষ অঞ্চল সমূহৰ পৰা সেনা প্ৰত্যাহাৰৰ বিষয়ে আলোচনা কৰা হয় ৷ তথ্য অনুসৰি দুয়ো পক্ষই পৰৱৰ্তী পৰ্যায়ত গঠনমূলক আলোচনাৰে আগবাঢ়ি যাব খুজিছে বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰে এক যুটীয়া বিবৃতিত ভাৰতীয় সেনা আৰু চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)য়ে অষ্টম লানি আলোচনাক যথেষ্ট গভীৰ তথা গঠনমূলক আছিল বুলি জানিবলৈ দিয়ে ৷ বিবৃতিটোত এই কথাও উল্লেখ আছে যে দুয়োপক্ষই দুয়োখন দেশৰ নেতৃত্বই সহমত পোষণ কৰা সিদ্ধান্ত সমূহক কাৰ্যত পৰিণত কৰাটো নিশ্চিত কৰিব ৷

এতিয়াও ভাৰতীয় সেনাৰ প্ৰায় 50,000 সৈন্য পূৱ লাডাখৰ বিভিন্ন পাহাৰত নিয়োগ কৰি ৰখা হৈছে, যিহেতু দুয়োপক্ষৰ মাজত হোৱা একাধিক আলোচনাই এতিয়াও কোনো দৃঢ় ফলাফল লাভ কৰা নাই ৷

লগতে পঢ়ক:ত্ৰিপুৰাত অবৈধ ভাং খেতি উচ্ছেদ প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details