নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত এগৰাকী 16 বছৰীয়া গৰ্ভৱতী দলিত কিশোৰীক তেওঁৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে ৷ লগতে তেওঁলোকৰ পৰিয়ালৰ সন্মানত আঘাত হনাৰ বাবে কিশোৰীগৰাকীৰ মৃতদেহটো বিকৃতও কৰে ৷
কিশোৰী গৰাকীৰ পিতৃয়ে সেই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে আৰু তেওঁক গ্ৰেপ্তাৰো কৰা হয় কিন্তু ভাতৃ গৰাকী সম্প্ৰতিও পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয় মৃতদেহটো উদ্ধাৰ কৰে আৰু জানিবলৈ দিয়ে যে, কিশোৰী গৰাকী 23 চেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ থকা স্বত্বেও তেওঁৰ পৰিয়ালবৰ্গই কোনো ধৰণৰ অভিযোগ দাখিল কৰা নাছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰা হৈছে ৷ তেওঁৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন কৰি দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত সেইটো নদীৰ পাৰত পুতি থোৱা হৈছিল ৷
শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, "পিতৃয়ে নিজ জীয়ৰীক হত্যা কৰি সমগ্ৰ ঘটনা স্বীকাৰ কৰে ৷ কিয়নো তাই গৰ্ভৱতী আছিল ৷ যাৰ বাবে সকলো লোকে তেওঁক ৰাজহুৱাভাৱে অপমান কৰা আৰম্ভ কৰিছিল ৷ হত্যাকাণ্ডটোত কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃও জড়িত আছিল আৰু দুয়োৰে বিৰুদ্ধে আমি ভাৰতীয় দণ্ডবিধি আইন 302 (হত্যা) আৰু 301 (প্ৰমাণ নষ্ট কৰা) ৰ অধীনত গোচৰ ৰুজু কৰিছো ৷"