ভাৰতত স্থাপন হ'ব হংকঙৰ প্ৰথমটো প্ৰতিনিধি কাৰ্যালয় - ইটিভি ভাৰত নিউজ
ভাৰতত হংকঙৰ বৰ্তমান পৰ্যন্ত কোনো চৰকাৰী কাৰ্যালয় নাই ৷ যাৰ বাবে বাণিজ্য নগৰী মুম্বাইত হংকঙৰ প্ৰতিনিধি কাৰ্যলয় মুকলি কৰাৰ বাবে চিন্তা-চৰ্চা চলাই থকা বুলি মন্তব্য কৰে দেশখনৰ বিষয়াগৰাকীয়ে ৷

হংকং
নিউজ ডেস্ক, 8 মে': ভাৰতত শীঘ্ৰে মুকলি কৰা হ'ব হংকঙৰ প্ৰতিনিধি কাৰ্যালয় ৷ মঙলবাৰে বেংগল চেম্বাৰ্ছৰ এক অনুষ্ঠানত এই কথা ব্যক্ত কৰে ইনভেষ্ট হংকঙৰ সঞ্চালক প্ৰধান ষ্টিফেন ফিলিপছে ৷ ভাৰতত হংকঙৰ বৰ্তমান পৰ্যন্ত কোনো চৰকাৰী কাৰ্যালয় নাই ৷ যাৰ বাবে বাণিজ্য নগৰী মুম্বাইত হংকঙৰ প্ৰতিনিধি কাৰ্যলয় মুকলি কৰাৰ বাবে চিন্তা-চৰ্চা চলাই থকা বুলি মন্তব্য কৰে দেশখনৰ বিষয়াগৰাকীয়ে ৷ তেওঁ লগতে কয় যে বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত 'ইনভেষ্টমেণ্ট হংকং' নামেৰে এটা বিনিয়োগকেন্দ্ৰিক কাৰ্যালয় মুকলি কৰা হ'ব ৷