নিউজ ডেস্ক, 15 এপ্ৰিলঃ বুধবাৰে দিল্লীৰ গ্ৰীণ পাৰ্কৰ সমীপৱৰ্তী ফুটপাথত প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল বৃহৎ সংখ্যক শ্ৰমিক। দেশজুৰি চলা লক ডাউনৰ সময়তে ফুটপাথত শুই থকা অৱস্থাত প্ৰত্যক্ষ হ'ল শ্ৰমিকসকল ।
COVID-19: দিল্লীৰ ফুটপাথত আশ্ৰয়হীন শ্ৰমিকৰ দুৰৱস্থা! মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত সামাজিক দুৰত্ব বজাই ৰাখি যিকোনো কাম কৰাৰ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ পাচতো একাংশ শ্ৰমিকক এনেদৰে ফুটপাথত শুই থকা ঘটনাই শংকিত কৰিছে সচেতন ৰাইজক । এগৰাকী প্ৰবাসী শ্ৰমিকে ইটিভি ভাৰতৰ আগত মন্তব্য কৰা অনুসৰি,বিগত দুমাহ ধৰি ফুটপাথত জীৱন নিৰ্বাহ কৰি আহিছে শ্ৰমিকসকলে ।
COVID-19: দিল্লীৰ ফুটপাথত আশ্ৰয়হীন শ্ৰমিকৰ দুৰৱস্থা! শ্ৰমিকজনে কয় যে,"বিগত দুমাহ ধৰি আমি ফুটপাথত আশ্ৰয় লৈ আছো । যেতিয়াই আমি খাদ্য আৰু আশ্ৰয় সম্বন্ধে জিলা প্ৰশাসনৰ লগত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰো তেতিয়া তেওঁলোকে অৱগত কৰে যে আমাক আশ্ৰয় দিবলৈ কোনো বিশেষ ঠাই নাই। যাৰ বাবে আমি ফুটপাথত আশ্ৰয় লোৱাৰ উপৰি আমাৰ হাতত দ্বিতীয় বিকল্প নাছিল ।
COVID-19: দিল্লীৰ ফুটপাথত আশ্ৰয়হীন শ্ৰমিকৰ দুৰৱস্থা! উল্লেখ্য যে,দুমাহ পূৰ্বে হৈ যোৱা বিধানসভা নিৰ্বাচনত কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনে দৰিদ্ৰ লোকসকলক খাদ্য আৰু ভোজনৰ ব্য়ৱস্থা কৰিব বুলি প্ৰতিজ্ঞাবদ্ধ বুলি সদৰী কৰিছিল যদিও সেয়া বৰ্তমান কাগজ-কলমতে সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হয় ।
লগতে চাওকঃ তৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক